নেশ্যনেল ডেস্ক, 26 ডিচেম্বৰ: শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেন্সযোগে জম্মু-কাশ্মীৰৰ প্ৰতিগৰাকী নাগৰিকৰ স্বাস্থ্য বীমাৰ ক'ভাৰেজক সম্প্ৰাসাৰণ কৰাৰ প্ৰায়াসেৰে আয়ুষ্মান ভাৰত আঁচনিৰ উদ্বোধন কৰে ৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, এই আঁচনিয়ে সাৰ্বজনিক স্বাস্থ্য ক'ভাৰেজ সুনিশ্চিত কৰাৰ লগতে সকলো লোক তথা সমাজৰ ব্যক্তিক আৰ্থনৈতিক নিশ্চয়তা আৰু উন্নতমানৰ, কম খৰচী স্বাস্থ্য সেৱা প্ৰদান কৰিব ৷
জম্মু-কাশ্মীৰত আয়ুষ্মান ভাৰত আঁচনিৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহায়ো এই আঁচনি সন্দৰ্ভত নিজৰ মতামত প্ৰদান কৰে ৷ এই আঁচনিয়ে জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোকসকলক বিনামূলীয়া বীমা ক'ভাৰ প্ৰদান কৰিব ৷
প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি, প্ৰতিটো কেন্দ্ৰীয় শাসিত অঞ্চল পৰিয়ালকে এই আঁচনিৰ অধীনত 5 লাখ টকালৈ বিত্তীয় ক'ভাৰ প্ৰদান কৰা হ'ব ৷ ইয়াৰোপৰি তেওঁ কয়, প্ৰায় 15 লক্ষাধিক অতিৰিক্ত পৰিয়ালক প্ৰধানমন্ত্ৰীৰ ধন জন আৰোগ্য যোজনাক সম্প্ৰসাৰিত কৰা হ'ব ৷
লগতে পঢ়ক:কেন্দ্ৰীয় চৰকাৰৰ কোনো কথাকে বিশ্বাসত ল’ব নোৱাৰিঃ সীতাৰাম য়েচুৰী