অসম

assam

By

Published : Jun 26, 2020, 7:34 PM IST

ETV Bharat / bharat

উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী আত্ম নিৰ্ভৰশীল আঁচনিৰ শুভাৰম্ভ

কোভিড-১৯ ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডি'অ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ শুভাৰম্ভ কৰে । যিখন আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ ১.২৫ কোটি প্ৰবাসী শ্ৰমিকৰ লাভ হ'ব বুলি প্ৰধানমন্ত্ৰী তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ বিশ্বাসী ।

pm-modi-launches-atma-nirbhar-uttar-pradesh-rojgar-abhiyan
pm-modi-launches-atma-nirbhar-uttar-pradesh-rojgar-abhiyan

নিউজ ডেস্ক, ২৬ জুন : কোভিড-১৯ ৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডি'অ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ শুভাৰম্ভ কৰে । যিখন আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ ১.২৫ কোটি প্ৰবাসী শ্ৰমিকৰ লাভ হ'ব বুলি প্ৰধানমন্ত্ৰী তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ বিশ্বাসী । দেশৰ এই জটিল সময়ত প্ৰধানমন্ত্ৰী গৰাকীৰ এই আঁচনিৰ বাবে যোগী আদিত্যনাথক ধন্যবাদ জ্ঞাপন কৰে ।

উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী আত্ম নিৰ্ভৰশীল আঁচনিৰ শুভাৰম্ভ

লগতে প্ৰধানমন্ত্ৰীৰ এই আঁচনিৰ জৰিয়তে ১.২৫ কোটি লোকে লাভান্বিত হ'ব বুলি কোৱাৰ লগতে কোভিড-১৯ ৰ সমান্তৰালভাৱে যিসকল লোকে কৰ্মসংস্থাপন হেৰুওৱাইছে সেই সকল লোকক এই আঁচনিৰ আঁওতাত আনি সংস্থাপন দিয়াৰ কথা চিন্তা কৰা হৈছে । তথ্য অনুসৰি, ৩০ লাখতকৈ অধিক শ্ৰমিকে কৰ'ণা মহামাৰীৰ সময়ত নিজ ৰাজ্যলৈ উভতি আহিছে ।

উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী আত্ম নিৰ্ভৰশীল আঁচনিৰ শুভাৰম্ভ

উল্লেখযোগ্য যে, ৰাজ্যখনৰ নিৱনুৱা তথা দৰিদ্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি ২০ জুনত গৰীৱ কল্যাণ আঁচনি শুভাৰম্ভ কৰিছিল । লগতে চৰকাৰখনে আত্ম নিৰ্ভৰ উত্তৰ প্ৰদেশ ৰোজগাৰ অভিযানৰ চিন্তা কৰিছে । যাৰ জৰিয়তে ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশৰ কথা চিন্তা কৰা হৈছে ।

লগতে পঢ়ক : অৱশেষত উদ্ধাৰ হ'ল কাহিলীপাৰাৰ ভূমিস্খলনত আবদ্ধ ভৰত কলিতা

ABOUT THE AUTHOR

...view details