অসম

assam

ETV Bharat / bharat

স্বচ্ছতাৰ প্ৰতি দেখুওৱা অৱদানক লৈ দিব্যাংগ ব্যক্তিক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ - নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কেৰালাৰ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক তেওঁ স্বচ্ছতাৰ প্ৰতি দিয়া অৱদানক লৈ প্ৰশংসা কৰে ৷

PM Modi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

By

Published : Jan 31, 2021, 8:32 PM IST

নেশ্যনেল ডেস্ক,31 জানুৱাৰী : কেৰালাৰ এগৰাকী ব্যক্তিৰ স্বচ্ছাতাৰ প্ৰতি দেখুওৱা অৱদানক লৈ দেওবাৰে ব্যক্তিজনক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

প্ৰধানমন্ত্ৰীৰ মাহিলী ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’যোগে তেওঁ কয় যে, "মই কেৰালাৰ পৰা আৰু এটা খবৰ পাইছো, যিয়ে আমাক আমাৰ দায়িত্বৰ কথা মনত পেলাই দিয়ে । কেৰালাৰ কোট্টায়াম এন এছ ৰাজপ্পন নামৰ এগৰাকী দিব্যাংগ বৃদ্ধ ব্যক্তি আছে । পক্ষাঘাতৰ বাবে তেওঁ খোজ কাঢ়িবলৈ অক্ষম । কিন্তু পৰিচ্ছন্নতাৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি ক্ষীণ হোৱা নাই" ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে, "বিগত কেইবা বছৰ ধৰি তেওঁ ভেম্বানাদ হ্ৰদৰ সকলো প্লাষ্টিকৰ বটল পৰিষ্কাৰ কৰি আহিছে । তেওঁ কিমান উচ্চভাৱসম্পন্ন কল্পনা কৰক চোন ৷ আমি ৰাজপ্পন জীৰ পৰা অনুপ্ৰেৰণা ল’ব লাগিব আৰু যিমান সম্ভৱ পৰিচ্ছন্নতাৰ দিশত অৰিহণা আগবঢ়াব লাগিব" ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ এইটো প্ৰধানমন্ত্ৰীৰ প্ৰথম ‘মন কী বাত’ অনুষ্ঠান আছিল ৷

লগতে পঢ়ক :আইজলত ড্ৰাগচ বিৰোধী অভিযান

ABOUT THE AUTHOR

...view details