নিউজ ডেস্ক, 18 আগষ্ট :চলিত মাহৰ ৩০ তাৰিখে প্ৰচাৰিত হ'বলগীয়া ৬৮ সংখ্যক 'মন কী বাত'ৰ বাবে দেশবাসীৰ পৰা উপদেশ বিচাৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে। অনাতাঁৰ কেন্দ্ৰযোগে প্ৰতি মাহে প্ৰচাৰিত 'মন কী বাত' অনুষ্ঠানত প্ৰথমবাৰৰ বাবে ভাৰতৰ জনতাৰ পৰা উপদেশ বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰতি মাহৰ শেষৰটো দেওবাৰে প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' অনুষ্ঠান অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ কৰা হয়। উল্লেখ্যে যে, আগষ্ট মাহৰ ৩০ তাৰিখে প্ৰচাৰিত হ'ব প্ৰধানমন্ত্ৰীৰ ৬৮ সংখ্যক 'মন কী বাত'। 'মন কী বাত'ত এইবাৰ দেশবাসীৰ সহযোগিতাৰ কামনা কৰি তেওঁলোকৰ মতামত আৰু উপদেশ আগবঢ়াবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
'নমো' আৰু 'মাই গ'ভ' এপ অথবা ১৮০০-০০-৭৮০০ নম্বৰত ফোন বা মেছেজ কৰিও দেশবাসীয়ে মতামত আগবঢ়াৱ পাৰিব। যোৱা ১০ আগষ্টৰ পৰা ফোন কৰিবলৈ বা মেছেজ প্ৰেৰণৰ বাবে ফোনলাইন মুকলি কৰি দিয়া হৈছে। '৬৮সংখ্যক 'মন কী বাত'ত কি কি বিষয়ত আলোচনা কৰা উচিত' এই সন্দৰ্ভত পৰামৰ্শ দিবলৈ দেশবাসীক টুইটযোগে আহ্বান জনাইছে প্ৰধানমন্ত্ৰী মোডীয়ে ৷