নেশ্যনেল ডেস্ক, 15 মে’:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে আমেৰিকাৰ বিল গেটছৰ সৈতে কোভিড-19 সম্পৰ্কে বিশ্বব্যাপী প্ৰতিক্ৰিয়া আৰু এই মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতি উদ্ভাৱন তথা গৱেষণাৰ দিশত আলোচনাত মিলিত হয় ৷ ভিডিঅ’ কনফাৰেন্সযোগে হোৱা এই আলোচনাত কৰ’ণা মহামাৰীৰ বিৰুদ্ধে বিশ্বজুৰি প্ৰচেষ্টা অব্যাহত ৰখাৰ হেতু ভাৰতৰ ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীক আলোচনাত অন্তৰ্ভুক্ত কৰাতো অত্যন্ত জৰুৰী আছিল বুলি বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনৰ সহ অধ্যক্ষ বিল গেটছ আৰু প্ৰধানমন্ত্ৰী মোদী উভয়ে সহমত প্ৰকাশ কৰে ৷
কোভিড-19: বিল গেটছৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ গ্ৰহণ - বিল গেটছৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনৰ সহ অধ্যক্ষ বিল গেটছৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কোভিড-19ৰ বিৰুদ্ধে ভাৰতে অব্যাহত ৰখা এই যুঁজত ভাৰতে সচেতনতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে বুলি মত প্ৰকাশ কৰে ৷

বিল গেটছৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ গ্ৰহণ
ইয়াৰোপৰি, কোভিড-19ৰ বিৰুদ্ধে অব্যাহত ৰখা এই যুঁজত ভাৰতে যে সচেতন দৃষ্টিভংগী গ্ৰহণ কৰিছে এই সম্পৰ্কেও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে এই কথা সদৰী কৰে ৷
লগতে পঢ়ক : বিজেপিত এলাগী হৈছে নেকি বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱ !