অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজঘাটত উদ্বোধন কৰিলে ৰাষ্ট্ৰীয় স্বচ্চতা কেন্দ্ৰ

মহাত্মা গান্ধী চম্পাৰন সত্যাগ্ৰহৰ শতবৰ্ষ উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৰাজঘাটত উদ্বোধন কৰিলে এটা ৰাষ্ট্ৰীয় স্বচ্চতা কেন্দ্ৰ যি হ'ব স্বচ্চ ভাৰত মিশ্যনৰ এটা ইণ্টাৰেক্টিভ অনুভৱ কক্ষ্য ।

PM Modi Inaugurates Rashtriya Swachhata Kendra At Raj Ghat
প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজঘাটত উদ্বোধন কৰিলে ৰাষ্ট্ৰীয় স্বচ্চতা কেন্দ্ৰ

By

Published : Aug 9, 2020, 5:10 AM IST

নিউজ ডেস্ক,৮আগষ্ট: শনিবাৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্চ ভাৰত মিশ্যনৰ এটা ইণ্টাৰেক্টিভ অনুভৱ কক্ষ্য ৰাষ্ট্ৰীয় স্বচ্চতা কেন্দ্ৰৰ কৰিলে শুভ উদ্বোধন । জাতিৰ পিতা মহাত্মা গান্ধীৰ চম্পাৰন সত্যাগ্ৰহৰ শতবৰ্ষ উদযাপন উপলক্ষে এই কেন্দ্ৰটিৰ উদ্বোধন কৰা হয় । মহাত্মা গান্ধীৰ সমাধি ক্ষেত্ৰ ৰাজঘাটত নিৰ্মাণ কৰা হৈছে এই কেন্দ্ৰটি ।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজঘাটত উদ্বোধন কৰিলে ৰাষ্ট্ৰীয় স্বচ্চতা কেন্দ্ৰ

উদ্বোধনৰ পিছতেই প্ৰধান মন্ত্ৰীয়ে উপভোগ কৰে স্বচ্চ ভাৰতৰ ওপৰত নিৰ্মাণ কৰা এখন ছুটি ছবিও । প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত উল্লেখ কৰা হৈছে যে, এই কেন্দ্ৰটিয়ে ভৱিষ্যত প্ৰজন্মক বিশ্বৰ সবাতোকৈ বৃহৎ ব্যৱহাৰ পৰিৱৰ্তন অভিযান স্বচ্চ ভাৰত মিশ্যনৰ সফল যাত্ৰাৰ ওপৰত পৰিচয় দাঙি ধৰিব । কেন্দ্ৰটিত সংস্থাপন কৰা ডিজিটেল আৰু আউটড'ৰ ইনষ্টলেচনৰ মিশ্ৰনে স্বচ্চতা আৰু ইয়াৰ লগত জড়িত বিষয় সমূহৰ ওপৰত তথ্য, সচেতনতা আৰু জ্ঞান প্ৰদান কৰিব ।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজঘাটত উদ্বোধন কৰিলে ৰাষ্ট্ৰীয় স্বচ্চতা কেন্দ্ৰ

লগতে পঢ়ক :অসম কৃষি খণ্ডৰ ব্ৰেণ্ড এম্বেছেডৰ হ’ব জুবিন গাৰ্গ !

ABOUT THE AUTHOR

...view details