অসম

assam

ETV Bharat / bharat

দিল্লীত সাংসদসকলৰ বাবে কেইবামহলীয়া বিল্ডিংটো উদ্বোধন প্ৰধানমন্ত্ৰীৰ - দিল্লী

প্ৰায় 80 বছৰ পুৰণি বিল্ডিংটোৰ 76 টা ফ্লেটৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰা হয় । তদুপৰি পৰিৱেশ অনুকূলিত বাতাবৰণৰ প্ৰতি লক্ষ্য ৰাখি বিল্ডিংটো নিৰ্মাণ কৰাৰ কথা বিবৃতিত প্ৰকাশ কৰা হৈছে ৷

PM Modi inaugurates multi-storeyed flats for MPs in New Delhi
দিল্লীত সাংসদসকলৰ বাবে কেইবামহলীয়া বিল্ডিংটো উদ্বোধন প্ৰধানমন্ত্ৰীৰ

By

Published : Nov 23, 2020, 2:29 PM IST

নিউজ ডেস্ক, 23 নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নতুন দিল্লীৰ ড০ বি ডি মাৰ্গত সাংসদসকলৰ বাবে নিৰ্মাণ কৰা কেইবামহলীয়া বিল্ডিংটো উদ্বোধন কৰে ৷ উদ্ধোধনী অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ ওম বিৰলাও উপস্থিত আছিল । প্ৰায় 80 বছৰ পুৰণি বিল্ডিংটোৰ 76 টা ফ্লেটৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰা হয় ।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত বিল্ডিংটোৰ নিৰ্মাণৰ বাবে নিৰ্ধাৰিত পুঁজিৰ 14 শতাংশ ৰেহাইত কাম সম্পূৰ্ণ কৰাৰ কথা প্ৰকাশ কৰে ৷ তদুপৰি ক’ভিড 19 মহামাৰীৰ মাজতো বিল্ডিংটো নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিৰ্মাণ কৰাৰ কথা বিবৃতিটোত উল্লেখ কৰা হয় ৷ তদুপৰি পৰিবেশ অনুকূলিত বাতাবৰণৰ প্ৰতি লক্ষ্য ৰাখি বিল্ডিংটো নিৰ্মাণ কৰাৰ কথা বিবৃতিত প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক: আৰম্ভ হৈছে ইউপিপিএলৰ পৰিৱৰ্তন যাত্ৰা

ABOUT THE AUTHOR

...view details