নিউজ ডেস্ক , 10 আগষ্টঃসাগৰৰ তলিৰে প্ৰথমটো অপ্টিকেল ফাইবাৰ প্ৰকল্প মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই প্ৰকল্পৰ জৰিয়তে কেন্দ্ৰীয় শাসিত আন্দামান-নিকোবৰ দ্বীপপুঞ্জলৈ হাই-স্পীড ব্ৰডবেণ্ড সেৱা যোগান ধৰা হ’ব ৷
"চেন্নাইৰ পৰা পৰ্ট ব্লেয়াৰ , পৰ্ট ব্লেয়াৰৰ পৰা আন্দামন আৰু স্বৰাজ দ্বীপলৈ আজিৰে পৰা আৰম্ভ হ’ল হাই-স্পীড ব্ৰডবেণ্ড সেৱা" - প্ৰকল্প উদ্বোধনৰ পাছতেই এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ উল্লেখ্য যে , চেন্নইৰ পৰা আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈ 2,312 কিল'মিটাৰৰ ছাবমেৰিণ অপ্টিকেল ফাইবাৰ প্ৰকল্পৰ আধাৰশিলা আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷