অসম

assam

ETV Bharat / bharat

ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ জৰুৰী বৈঠক - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দেশৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৃহস্পতিবাৰে এক জৰুৰী বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ভিডিঅ‘ কনফাৰেন্সিঙৰ জৰিয়তে কৰ‘ণা ভাইৰাছ সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলক সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে ৷ আলোচনাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত আছিল ৷

ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ জৰুৰী বৈঠক
ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ জৰুৰী বৈঠক

By

Published : Apr 2, 2020, 3:13 PM IST

নিউজ ডেস্ক, 2 এপ্ৰিলঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয় ৷ দেশত ভয়ানকভাৱে বিয়পি পৰা কৰ‘ণা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত ভিডিঅ‘ কনফাৰেন্সিঙৰ জৰিয়তে এইদৰে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ আলোচনাত প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকে ৷

আলোচনাত কৰ‘ণাৰ সংক্ৰমণৰ লগতে, প্ৰব্ৰজনকাৰীসকলৰ গতিবিধি, প্ৰয়োজনীয় সামগ্ৰীৰ উপলব্ধতা আৰু টবলিঘি জামাতত অংশগ্ৰহণ কৰা লোকসকলৰ চিনাক্তকৰণ সন্দৰ্ভত আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ৷

দেশত 21 দিনীয়া লকডাউন ঘোষণা কৰাৰ পিচত এইদৰে প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ইয়াৰ পূৰ্বে অৰ্থাৎ লকডাউন ঘোষণা কৰাৰ পূৰ্বে 20 মাৰ্চত ভিডিঅ‘ কনফাৰেন্সিঙৰ জৰিয়তে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলক সম্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ 24 মাৰ্চত সমগ্ৰ দেশব্যাপী লকডাউন ঘোষণা কৰা হৈছিল ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, বৰ্তমানলৈ দেশত 1,965 গৰাকী লোক কৰ‘ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰত 50গৰাকীৰ ইতিমধ্যেই মৃত্যু হৈছে ৷

ABOUT THE AUTHOR

...view details