অসম

assam

বিৰোধী শক্তিয়ে কৃষকক অপমান কৰিছে : প্ৰধানমন্ত্ৰী মোদী

By

Published : Sep 29, 2020, 5:14 PM IST

কৃষি আইনক লৈ বিৰোধীক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । কৃষি আইনৰ বিৰোধিতা কৰি বিৰোধীয়ে কৃষকক অপমানিত কৰিছে : প্ৰধানমন্ত্ৰী ।

বিৰোধী শক্তিয়ে কৃষকক অপমান কৰিছে: প্ৰধানমন্ত্ৰী মোদী
বিৰোধী শক্তিয়ে কৃষকক অপমান কৰিছে: প্ৰধানমন্ত্ৰী মোদী

নিউজ ডেস্ক, 29 ছেপ্টেম্বৰ : পঞ্জাৱ যুৱ কংগ্ৰেছৰ কৰ্মীয়ে ইণ্ডিয়া গে'টৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । কৃষি আইনৰ বিৰোধিতা কৰি বিপক্ষ দলে কৃষকক অপমানিত কৰিছে বুলি মন্তব্য কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, সোমবাৰে যুৱ কংগ্ৰেছৰ কৰ্মীয়ে কৃষি আইনৰ বিৰোধিতা কৰি ইণ্ডিয়া গে'টৰ সন্মুখত ট্ৰেক্টৰত অগ্নিসংযোগ কৰে । ইয়াৰ পিছতে মঙলবাৰে বিৰোধী দললৈ লক্ষ্য কৰি আক্ৰমণাত্মক মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে ।

তেওঁ কয় যে, শেহতীয়াকৈ কৃষক, শ্ৰমিক আৰু স্বাস্থ্য সম্বন্ধিত ক্ষেত্ৰত পৰিৱৰ্তন অনাৰ প্ৰয়াস কৰা হৈছে । লগতে এই পৰিৱৰ্তনে দেশৰ শ্ৰমিক, যুৱশক্তি, মহিলা আৰু কৃষকৰ কৰ্মোদ্যোম বৃদ্ধিত সহায় কৰিব । কিন্তু এই কল্যাণকামী কামত বাধাৰ প্ৰাচীৰ ৰূপে থিয় দিছে একাংশ লোকে । নিজে সদায় পূজা-অৰ্চনা আগবঢ়োৱা যন্ত্ৰ-পাতিত অগ্নিসংযোগ কৰি প্ৰকৃততে কৃষকক অপমানহে কৰিছে বুলি যুৱ কংগ্ৰেছৰ কাৰ্যক গৰিহণা দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

লগতে পঢ়ক :ক'ভিড ৰোগীলৈ অসমীয়া সুস্বাদু পিঠা-পনা

ABOUT THE AUTHOR

...view details