অসম

assam

ETV Bharat / bharat

ভাষণত অভিনন্দনৰ প্ৰসংগ : প্ৰধানমন্ত্ৰীলৈ মোডীলৈ ক্লীনচিট নিৰ্বাচন আয়োগৰ - নৰেন্দ্ৰ মোডী

ভাৰতীয় সেনাৰ উইং কামাণ্ডাৰ অভিনন্দনৰ নাম লৈ প্ৰধানমন্ত্ৰী মোডীয়ে কৰা মন্তব্যক লৈ প্ৰশ্নৰ উত্থাপনৰ পাচতে প্ৰধানমন্ত্ৰীলৈ ক্লীনচিট নিৰ্বাচন আয়োগৰ ৷ এক উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত ৷

প্ৰধানমন্ত্ৰীলৈ মোডীলৈ ক্লীনচিট

By

Published : May 5, 2019, 9:10 AM IST

নিউজ ডেস্ক, 5 মে' : গুজৰাটৰ পাটান জিলাৰ এক ৰেলীত নিজৰ ভাষণ প্ৰসংগত ভাৰতীয় সেনাৰ উইং কামাণ্ডাৰ অভিনন্দনৰ নাম লৈ প্ৰধানমন্ত্ৰী মোডীয়ে কৰা মন্তব্যক লৈ প্ৰশ্নৰ উত্থাপন হোৱাৰ পাচতে প্ৰধানমন্ত্ৰীলৈ ক্লীনচিট নিৰ্বাচন আয়োগৰ ৷

নিৰ্বাচন আয়োগৰ এক উচ্চস্তৰীয় বৈঠকত নিৰ্বাচনী আচৰণবিধিৰ নীতি অনুসৰি বিষয়টো পৰ্যালোচনাৰ অন্তত অভিনন্দনৰ নাম লৈ প্ৰধানমন্ত্ৰীয়ে কোনো আচৰণ বিধি উলংঘা কৰা নাই বুলি শনিবাৰে নিৰ্বাচন আয়োগে প্ৰকাশ কৰাৰ পাচতে প্ৰধানমন্ত্ৰীলৈ ক্লীনচিট নিৰ্বাচন আয়োগৰ ৷

প্ৰধানমন্ত্ৰীলৈ মোডীলৈ ক্লীনচিট

উল্লেখ্য যে, গুজৰাটত এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি অভিনন্দনক গ্ৰেপ্তাৰ কৰাৰ পাচতেই ইয়াৰ ফলাফল ভোগ কৰিবলৈ সাজু থাকিবলৈ পাকিস্তানক সকীয়াই দিয়া বুলি মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে ৷

ইপিনে ইয়াৰ পূৰ্বেই, নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে নিৰাপত্তা বাহিনীৰ লোকৰ ফটো কোনো বিজ্ঞাপনতে ব্যৱহাৰ নকৰিবলৈ সকলো ৰাজনৈতিক দল, প্ৰাৰ্থীৰ লগতে নেতাসমূহলৈ নিৰ্দেশ দিছিল নিৰ্বাচন আয়োগে ৷

ABOUT THE AUTHOR

...view details