অসম

assam

ETV Bharat / bharat

পুটিনলৈ ভিক্টৰি ডে'ৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

এক টুইটযোগে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনলৈ ৰাছিয়াৰ ভিক্টৰি ডে'ৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰা দিনটোৰ ৭৫ সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মস্কোত আয়োজন কৰা বিশেষ কাৰ্যসূচী । নাজী জাৰ্মানীক দ্বিতীয় বিশ্বযুদ্ধত পৰাস্ত কৰাৰ দিনটো ৰাছিয়াই ভিক্টৰি ডে' হিচাপে উদযাপন কৰি আহিছে ।

পুটিনলৈ ভিক্টৰি ডে'ৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ ।
পুটিনলৈ ভিক্টৰি ডে'ৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ ।

By

Published : May 9, 2020, 8:53 PM IST

নিউজ ডেস্ক, ৯ মে' :দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিত ৰাছিয়াই প্ৰতিবছৰে ৯ মে'ত বিজয় দিৱস উদযাপন কৰি আহিছে । চলিত বৰ্ষত কোভিড-১৯ মহামাৰীৰ বাবে প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ বিজয় দিৱসৰ কাৰ্যসূচী স্থগিত ৰাখিবলগীয়া হয় । ৰাছিয়াই এইবাৰ ৭৫সংখ্যক বিজয় দিৱস উদযাপন কৰে ।

ৰাছিয়াৰ বিজয় দিৱস উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি ৰাছিয়াক শুভেচ্ছা জ্ঞাপন কৰে । দ্বিতীয় বিশ্বযুদ্ধত ভাৰতৰো বহুসংখ্যক সৈনিকে প্ৰাণ ত্যাগ কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে দোহাৰে ।

উল্লেখ্য যে, নাজী জাৰ্মানীৰ ওপৰত ৰাছিয়াৰ বিজয়ে অৱসান পেলাইছিল দ্বিতীয় বিশ্বযুদ্ধৰ । তেতিয়াৰ পৰাই ৰাছিয়াই এই দিনটো বিজয় দিৱস হিচাপে উদযাপন কৰি আহিছে । ৰাছিয়াৰ মস্কোস্থিত পেৰেড গ্ৰাউণ্ডত সামৰিক সন্মানেৰে ইয়াক উদযাপন কৰা হয় । অৱশ্যে এইবাৰ আজিৰ দিনটো অনুষ্টুপীয়াকৈ থৈ দিবলগীয়া হয় ৰাছিয়াৰ ।

প্ৰধানমন্ত্ৰী মোডীয়ে টুইট কৰি ৰাছিয়াৰ লগতে ৰাষ্ট্ৰপতি পুটিন আৰু ৰাছিয়াবাসীক ধন্য়বাদ জ্ঞাপন কৰে ।

লগতে পঢ়কঃWWII ৰ বাৰ্ষিকী উপলক্ষ্যে পুটিনলৈ কিম জঙৰ পত্ৰ

ABOUT THE AUTHOR

...view details