অসম

assam

By

Published : Oct 7, 2020, 2:02 PM IST

Updated : Oct 7, 2020, 3:57 PM IST

ETV Bharat / bharat

গুজৰাটৰ পৰা দিল্লীলৈ প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক জীৱনৰ ২০বছৰীয়া যাত্ৰা

প্ৰথমে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ। ২০১৪চনত পৰা দেশৰ ৰাজনীতিৰ বাঘজৰী হাতত লোৱাৰ পিছত এবাৰো থমকি ৰোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ চৰকাৰৰ মুৰব্বীৰ দায়িত্বভাৰ লোৱা প্ৰধানমন্ত্ৰী মোদীৰ ২০বছৰীয়া অবিৰত যাত্ৰা।

গুজৰাটৰ পৰা দিল্লীলৈ প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক জীৱনৰ ২০বছৰীয়া যাত্ৰা
গুজৰাটৰ পৰা দিল্লীলৈ প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক জীৱনৰ ২০বছৰীয়া যাত্ৰা

নেশ্যনেল ডেস্ক,৭ অক্টোবৰ: ২০০১ চনৰ পৰা ২০২০লৈকে এক বিৰামবিহীন ৰাজনৈতিক যাত্ৰা। গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অবিৰত ৰাজনৈতিক যাত্ৰাৰ ২০সংখ্যক বৰ্ষত প্ৰৱেশ কৰিছে । ২০০১ চনৰ ৭ অক্টোবৰত গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱাৰ পিছত শাসন ব্যৱস্থাৰ মাজত তেওঁৰ এয়াই আৰম্ভণি। ২০০২, ২০০৭ আৰু ২০১২ চনতো মুখ্যমন্ত্ৰী হিচাপে ৩ বাৰ কাৰ্যভাৰ গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে।

ৰাজ্যৰ বাহিৰে ভিতৰে অব্যাহত থকা মোদীৰ জনপ্ৰিয়তা আৰু শাসনকাৰ্যৰ দক্ষতাৰ বাবে ২০১৩ চনত বি জে পিয়ে তেওঁক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। গুজৰাটৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল অব্যাহত থকাৰ মাজতে ২০১৪ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে। বি জে পি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে তেওঁৰ নাম ঘোষণা কৰা হয়। নিৰ্বাচনত কংগ্ৰেছক পৰাস্ত কৰি কেন্দ্ৰত শাসনৰ দায়িত্ব পালনৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা মোদীয়ে অব্যাহতি লয়।

তেতিয়াৰে পৰা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সৈতে কেন্দ্ৰত তেওঁ নিজৰ স্থিতি মজবুত কৰি লয় আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত পূৰ্বতকৈও বেছি ভোটৰ পাৰ্থক্যৰে কেন্দ্ৰত নিজৰ স্থান সুনিশ্চিত কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৱেবছাইটত প্ৰকাশিত এটা পোষ্টত উল্লেখ কৰা হৈছে যে, 'যদি প্ৰথমটো কাৰ্যকালত জনতাৰ প্ৰয়োজন পূৰণ কৰাত প্ৰধানমন্ত্ৰী ব্যস্ত হৈ পৰিছে, তেন্তে ২০১৯চনৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ১৩০কোটি ভাৰতীয়ৰ আশা-আকাংক্ষা পূৰ্ণ কৰাত নিজকে নিয়োজিত কৰিছে। ৩৭০ অনচ্ছেদ আঁতৰাই জম্মু-কাশ্মীৰক ভাৰতৰ অংশ হিচাপে সম্পূৰ্ণৰূপে স্বীকৃতি দিয়ে। প্ৰভু ৰামৰ জন্মস্থানত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাত বছৰ বছৰ ধৰি চলি অহা বিবাদৰ অন্ত পৰে।

কৃষকৰ হিতৰ বাবে কৃষি আইন প্ৰণয়ন কৰি কৃষিক্ষেত্ৰত ঐতিহাসিক পৰিৱৰ্তন অনাতো এতিয়া বাস্তৱত ৰূপায়িত হৈছে। শ্ৰম, কয়লা, মহাকাশ ক্ষেত্ৰত ব্য়ক্তিগত প্ৰতিষ্ঠানৰ অনুমতি দিয়া, এফ ডি আই আৰু আয়কৰৰ ক্ষেত্ৰৰ পৰিৱৰ্তনেও আৰ্থিক বিকাশক সূচাইছে।' প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পিছতে মোদীয়ে জনতাৰ প্ৰতি সমৰ্থন আগবঢ়াই আহিছে। জন-ধন যোজনা, মুদ্ৰা যোজনা, উজ্জলা যোজনা, সৌভাগ্য যোজনা, প্ৰধানমন্ত্ৰী আবাস যোজনা, প্ৰধানমন্ত্ৰী কিষান যোজনা, আয়ুষ্মান ভাৰতৰ দৰে বিভিন্ন কল্যাণকামী আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

ইয়াৰ উপৰিও COVID-19 মহামাৰীৰ সংকটৰ সময়তো দৰিদ্ৰ ৰাইজে এই আঁচনিসমূহৰ সুবিধা লাভ কৰি আছে। লকডাউনৰ সময়ত দিন হাজিৰা কৰা শ্ৰমিক, প্ৰবাসী শ্ৰমিক, কৃষকক আৰ্থিক সহায় আগবঢ়োৱা হৈছে। ৱেবছাইটত প্ৰকাশিত পোষ্টটোত উল্লেখ কৰা হৈছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অবিৰত ৰাজনৈতিক যাত্ৰাৰ ২০সংখ্যক বৰ্ষত প্ৰৱেশ কৰি 'সকলোৰে বাবে বিকাশ' আৰু 'আত্মনিৰ্ভৰ ভাৰত' গঢ়াৰ দিশে আৰু এখোজ আগবাঢিছে।

লগতে চাওকঃ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনৰ নাম লৈ ৰাজনৈতিক দল গঠনত প্ৰতিক্ৰিয়া

Last Updated : Oct 7, 2020, 3:57 PM IST

ABOUT THE AUTHOR

...view details