নেশ্যনেল ডেস্ক,2 নৱেম্বৰ: 3 দিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে পুৱা থাইলেণ্ডলৈ উৰা মাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ দক্ষিণ পূৱ এছিয়াৰ ৰাষ্ট্ৰ গোট (ASEAN),পূৱ এছিয়া আৰু আছিয়ান প্ৰস্তাৱিত মাণ্ডলিক অৰ্থনৈতিক সহযোগিতা (RCEP) শীৰ্ষক অধিবেশনত অংশগ্ৰহণৰ বাবে থাইলেণ্ডলৈ উৰা মাৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী ৷
এই অধিৱেশনৰ উপৰিও বেংককত শনিবাৰে আয়োজন কৰা 'ছাৱাছদি পিএম মোডী' (Sawasdee PM Modi) নামৰ এক সমূহীয়া অনুষ্ঠান সম্বোধন কৰিব মোডীয়ে ৷ ইয়াৰোপৰি,গুৰু নানকৰ 550 সংখ্যক জন্ম বাৰ্ষিকীউপলক্ষে এক স্মাৰক মুদ্ৰাও মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
আনহাতে,নৱেম্বৰৰ 3 তাৰিখে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰদ্যুত চেন অ' চাৰ আমন্ত্ৰণত চাৰ সৈতে 16 সংখ্যক ASEAN-ভাৰত অধিবেশনত সহ-অধ্যক্ষতা কৰিব মোডীয়ে ৷ এই অধিবেশনত ASEAN ৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ বিকাশৰ ওপৰত আলোচনা কৰা হ'ব ৷ ASEAN ৰাষ্ট্ৰসমূহৰ 1,000 গৱেষক ছাত্ৰ-ছাত্ৰীক আইআইটি (IIT)ৰ দ্বাৰা ডিগ্ৰী প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰতো এই অধিবেশনত আলোচনা কৰা হ'ব ৷
নৱেম্বৰৰ 4 তাৰিখে থাই প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা দিনৰ আহাৰত ASEAN ৰাষ্ট্ৰসমূহৰ নেতাসকলৰ সৈতে উপস্থিত থাকিব মোডী ৷ দিনটোৰ শেষত প্ৰধানমন্ত্ৰী মোডীয়ে 14 সংখ্যক পূৱ এছিয়া অধিবেশনত উপস্থিত থাকিব ৷ এই তিনিখন অধিবেশনৰ উপৰিও ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বহুকেইখন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব ৷ সেই দিনাই সন্ধিয়া পৰত মোডী নতুন দিল্লীলৈ উৰা মাৰিব ৷
আৰু পঢ়ক : ইন্দিৰা গান্ধী বিমানবন্দৰত নাই কোনো ভাবুকি : CISF