নেশ্যনেল ডেস্ক, 2 মে' : কৰ'ণা ভাইৰাছৰ ফলত ঘোষণা কৰা লকডাউনে ক্ষতিগ্ৰস্ত কৰিছে দেশৰ অৰ্থনীতি ৷ এই সংকটৰ পৰা দেশক মুক্ত কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে দৈনন্দিন নতুন নতুন উপায় অৱলম্বন কৰাৰ লগতে ঘোষণা কৰিছে উদগনিমূলক পেকেজ ৷ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষি খণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন দিশ সম্পৰ্কত এক আলোচনাৰ আয়োজন কৰে ৷ কৃষিৰ সৈতে জড়িত ব্যৱসায়, কৃষকৰ বাবে বিভিন্ন সা-সুবিধা আদি সম্পৰ্কত মোডীয়ে আলোচনা কৰে ৷
কৃষি খণ্ডৰ উন্নয়ন সম্পৰ্কত প্ৰধানমন্ত্ৰী মোডীৰ আলোচনা - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
কৰ'ণা ভাইৰাছে ভাৰতীয় অৰ্থনীতি ক্ষতিগ্ৰস্ত কৰাৰ সময়তে কৃষি খণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন দিশ সম্পৰ্কত প্ৰধানমন্ত্ৰী মোডীৰ আলোচনা ৷
প্ৰধানমন্ত্ৰী মোডী
উল্লেখ্য যে, দেশৰ ঘৰুৱা উৎপাদনত কৃষি খণ্ডৰ অৱদান 15 শতাংশ ৷ কৃষিৰ জৰিয়তে দেশৰ 1.3 বিলিয়ন জনসংখ্যাই জীৱিকা নিৰ্বাহ কৰি আছে ৷
COVID-19 লকডাউনৰ সময়তো দেশৰ কৃষ খণ্ডই উৎপাদন অব্যাহত ৰাখিছে বুলি চৰকাৰে ইতিমধ্যেই ঘোষণা কৰিছিল ৷ সেয়েহে অন্য খণ্ডৰ দৰে এই খণ্ডত লকডাউনে বিশেষ প্ৰভাৱ পেলাব নাই পৰা বুলি চৰকাৰে মন্তব্য় আগবঢ়াইছিল ৷ মোডীৰ এই বৈঠকত শস্য়ৰ উৎপাদন বৃদ্ধি, খৰচ কৰিবলগা টকাৰ পৰিমাণ আদি বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰা হয় ৷