অসম

assam

By

Published : Feb 11, 2020, 8:30 PM IST

ETV Bharat / bharat

জয়ৰ পাচতে কেজৰিৱালক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোডীৰ

কেজৰিৱাললৈ শুভেচ্ছা প্ৰেৰণ প্ৰধানমন্ত্ৰী মোডীৰ ৷ দিল্লী নিৰ্বাচনত জয়লাভৰ পাচতে শুভেচ্ছা প্ৰেৰণ কৰে মোডীয়ে ৷

কেজৰিৱালক শুভেচ্ছা জ্ঞাপন মোডীৰ
প্ৰধানমন্ত্ৰী মোডী

নেশ্যনেল ডেস্ক, 11 ফেব্ৰুৱাৰী : মঙলবাৰে ঘোষণা কৰা দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাচতে আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ দেশৰ ৰাজধানী দিল্লীৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ তেওঁক শুভকামনা প্ৰেৰণ কৰে কেজৰিৱালে ৷

টুইটাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে কয়, " দিল্লী বিধানসভা নিৰ্বাচনত জয়লাভ কৰা বাবে AAP আৰু অৰবিন্দ কেজৰিৱাললৈ শুভেচ্ছা থাকিল ৷ দিল্লীৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ শুভকামনা জনালো ৷"

উল্লেখ্য যে, ক্ৰমাগত তৃতীয়বাৰৰ বাবে আম আদমী পাৰ্টীয়ে দিল্লীত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে যিহেতু দলটোৱে 70 খন আসনৰ 63 খনেই নিজৰ দখলত আনিছে ৷

আৰু পঢ়ক : এটা ফেচবুক পোষ্ট দি বন্দুকৰ পথলৈ সমীৰণ..

ABOUT THE AUTHOR

...view details