অসম

assam

ETV Bharat / bharat

লেহত উপস্থিত প্ৰধানমন্ত্ৰী মোডী আৰু বিপিন ৰাৱট

লেহত উপস্থিত প্ৰধানমন্ত্ৰী মোডী আৰু বিপিন ৰাৱট ৷ ইষ্টাৰ্ন লাডাখ চেক্টৰত বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কত ৰাৱটে 15 কৰ্পছৰ পৰা তথ্য সংগ্ৰহ কৰিব ৷

PM Modi, CDS Gen Bipin Rawat arrive in Leh
লেহত উপস্থিত প্ৰধানমন্ত্ৰী মোডী আৰু বিপিন ৰাৱট

By

Published : Jul 3, 2020, 10:38 AM IST

Updated : Jul 3, 2020, 11:17 AM IST

নেশ্যনেল ডেস্ক, 3 জুলাই : আজি লেহত উপস্থিত হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট ৷ সূত্ৰৰ মতে, ইষ্টাৰ্ন লাডাখ চেক্টৰত বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কত ৰাৱটে 15 কৰ্পছৰ পৰা তথ্য সংগ্ৰহ কৰিব ৷

লেহত প্ৰধানমন্ত্ৰী মোডী

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লাডাখ ভ্ৰমণৰ দিন পুনৰ নিৰ্ধাৰণ কৰাৰ পাচতে জেনেৰেল ৰাৱটৰ ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে ৷ চীনৰ বিৰুদ্ধে সীমান্তত সৈন্য মোতায়েন কৰাৰ পাচতে সেনাৰ শেহতীয়া প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিবৰ বাবে ৰাজনাথ সিং আজি লাডাখত উপস্থিত হ'ব ৷

লেহত প্ৰধানমন্ত্ৰী মোডী
লেহত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

উল্লেখ্য যে, গলৱান উপত্যকাত চীনৰ সৈন্যৰে সংঘৰ্ষত ভাৰতৰ 20 গৰাকীকৈ সৈন্যই প্ৰাণ হেৰুৱাৰ পাচতে সীমান্তত উদ্বিগ্নতা বৃদ্ধি পাইছিল ৷ যোৱা মাহৰ পৰাই দুই দেশৰ শীৰ্ষ নেতৃবিন্দই সমস্যা সমাধানৰ বাবে আলোচনাত মিলিত হৈ আছে ৷

বিপিন ৰাৱট

লগতে পঢ়ক : ৰাজস্থানৰ ছীকৰত শেষকৃত্য সম্পন্ন শ্বহীদ দীপচান্দ বাৰ্মাৰ

Last Updated : Jul 3, 2020, 11:17 AM IST

ABOUT THE AUTHOR

...view details