অসম

assam

ETV Bharat / bharat

সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত ক্ষান্ত নাথাকে ভাৰতবৰ্ষ ! - ৰাফেল বিমান

গুজৰাটৰ জামনগৰত বিৰোধীক সমালোচনাৰে থকা-সৰকা প্ৰধানমন্ত্ৰী মোদীৰ । ভাৰত-পাকিস্তানৰ বায়ুসেনাৰ মাজত চলা ডাগফাইটত ভাৰতক প্ৰয়োজন আছিল ৰাফেল বিমানৰ ।

সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত ক্ষান্ত নাথাকে ভাৰতবৰ্ষ !

By

Published : Mar 4, 2019, 5:49 PM IST

নিউজ ডেস্ক, ০৪ মাৰ্চ : " মিগ-২১ ৰ স্থানত ৰাফেল বিমান হ'লে হয়তো পাকিস্তানত ভূপতিত নহ'লহেতেন ভাৰতীয় যুদ্ধ বিমান " । গুজৰাটত এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ ।

সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৰাজ্যখনত কেইবাটাও উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভণি কৰাৰ লগতে জামনগৰত এখন জনসভাক সম্বোধন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে । উক্ত সভাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ প্ৰত্যুত্তৰ স্বৰূপে কয়, যদিহে ভাৰতবৰ্ষই সময়মতে ৰাফেল বিমান লাভ কৰিলে হয়, তেন্তে ২৭ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তান বায়ুসেনাৰ মাজত হোৱা "ডগফাইটৰ" এক বিপৰীত পৰিনাম দেশবাসীয়ে প্ৰত্যক্ষ কৰিলেহেতেন ।

উক্ত সভাতে, চবুৰীয়া দেশ পাকিস্তানৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, সন্ত্ৰাসবাদৰ দমনৰ ক্ষেত্ৰত ভাৰতবৰ্ষ কেতিয়াও ক্ষান্ত হৈ নাথাকে । ক্ৰমাৎ সন্ত্ৰাসবাদৰ মূল সূঁতিত পৰিণত হৈছে পাকিস্তান । অনতিপলমে সমগ্ৰ বিশ্বৰ বকুৰ পৰা সন্ত্ৰাসবাদৰ দমনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

উল্লেখ্য যে একাংশ বিৰোধী নেতাই, ২৬ ফেব্ৰুৱাৰীত বায়ুসেনাই পাকিস্তান অধিকৃত কাশ্মীৰত (pok) চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকত নিহত সন্ত্ৰাসবাদী সন্দৰ্ভত চৰকাৰক আগভেটি ধৰাৰ চেষ্টা কৰিছিল ।

ABOUT THE AUTHOR

...view details