নিউজ ডেস্ক, 15 মাৰ্চ: শীঘ্ৰেই জম্মু-কাশ্মীৰক ৰাজ্যৰ মৰ্যদ্যা দিয়া ক্ষেত্ৰত কাম কৰা হ’ব বুলি আশ্বাস প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ প্ৰতিনিধি মণ্ডলৰ সৈতে হোৱা বৈঠকৰ পাচতেই এই আশ্বাস প্ৰদান ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
প্ৰতিনিধি মণ্ডলৰ সৈতে হোৱা বৈঠকৰ পাচতেই এই কথা সদৰি কৰে মোডীয়ে ৷ বৈঠকত জম্মু-কাশ্মীৰ জনসাংখ্যিক পৰিৱৰ্তন, পৰিসীমা অনুশীলন আৰু ৰাষ্ট্ৰীয় আৱাস অনুদানৰ বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ৷
প্ৰতিনিধি মণ্ডলৰ দলটোৱে জম্মু-কাশ্মীৰৰ বিকাশৰ বাবে নৰেন্দ্ৰ মোডীক অকুণ্ঠ সমৰ্থন আৰু অকুণ্ঠ চেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে জম্মু-কাশ্মীৰৰ শান্তি আৰু প্ৰগতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় ৷