অসম

assam

ETV Bharat / bharat

জাপানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী - 2022

2022 চনত ভাৰতত অনুষ্ঠিত হ'ব জি20 সন্মিলন ৷ সেয়েহে জাপানত অনুষ্ঠিত এই সন্মিলন ভাৰতৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ ৷

G20 summit

By

Published : Jun 27, 2019, 10:13 AM IST

নতুন দিল্লী,27 জুন : জাপানত অনুষ্ঠিত হ'ব লগীয়া জি-20 সন্মিলনত অংশগ্ৰহণৰ বাবে বৃহস্পতিবাৰে জাপানৰ অ'চাকাত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পকে ধৰি বিশ্বৰ শীৰ্ষ নেতাসকলৰ সৈতে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে বিশ্বই সন্মুখীন হোৱা প্ৰত্যাহবান তথা ইয়াৰ সমাধানৰ বিষয়ে বিভিন্ন দেশৰ নেতাসকলৰ সৈতে আলোচনা কৰিব বুলি এক বিবৃতিত প্ৰকাশ ৷বিশ্বৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সমূহৰ বিষয়ে বিশ্বৰ আগত ভাৰতৰ দৃষ্টিকোণ ৰাখিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ জাপানৰ অ'চাকাত 28 আৰু 29 জুনত অনুষ্ঠিত হ'ব এই সন্মিলন ৷

জাপানত সন্মিলনখনত অংশলোৱাৰ উপৰিও 10 খনকৈ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ভাৰত , ৰাছিয়া আৰু চীনৰ মাজতো এখন ত্ৰি পাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ উপৰিও BRICS দেশসমূহৰ নেতাসকলৰ সৈতেও আলোচনাত মিলিত হ'ব নৰেন্দ্ৰ মোডী ৷

মানৱ কেন্দ্ৰিক ভৱিষ্যতৰ সমাজ শীৰ্ষক বিষয়ক মূল বিষয় হিচাপে লৈ অনুষ্ঠিত হ'ব সন্মিলনখন ৷ প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰকাশ কৰা অনুসৰি মহিলা সবলীকৰণ , প্ৰযুক্তিবিদ্যা , সন্ত্ৰাসবাদ , জলবায়ু পৰিৱৰ্তনৰ দৰে বিশ্বৰ গুৰুত্ব পূৰ্ণ বিষয়সমূহ এই সন্মিলনত আলোচনা কৰা হ'ব ৷
জাপানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

উল্লেখযোগ্য যে,2022 চনত ভাৰতত অনুষ্ঠিত হ'ব জি20 সন্মিলন ৷ সেয়েহে জাপানত অনুষ্ঠিত এই সন্মিলন ভাৰতৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ ৷

ABOUT THE AUTHOR

...view details