অসম

assam

By

Published : Oct 30, 2020, 11:43 AM IST

ETV Bharat / bharat

দেশৰ প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিয়ে জনালে মিলাড-উন-নৱীৰ শুভেচ্ছা

ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ উৎসৱ মিলাড-উন-নৱীৰ শুভকামনা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। সমগ্ৰ বিশ্বজুৰি মুছলমান সম্প্ৰদায়ৰ লোকে প্ৰফেট মহম্মদৰ ওপজা দিনটো মিলাড-উন-নৱী হিচাপে উদযাপন কৰে।

মিলাড-উন-নৱীৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিয়ে
মিলাড-উন-নৱীৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিয়ে

নেশ্যনেল ডেস্ক, ৩০ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুক্ৰবাৰে মিলাড-উন-নৱীৰ শুভকামনা জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে শুভেচ্ছা জনায় কয় যে, 'মিলাড-উন-নৱীৰ পৱিত্ৰ দিনটোত সকলোৰে মাজত শান্তি আৰু ভাতৃত্ববোধ অক্ষুণ্ণ থাকক। সকলোৱে সু-স্বাস্থ্যৰ গৰাকী আৰু সুখী হওক।'ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও টুইটযোগে মুছলমান সম্প্ৰদায়ৰ লোকসকলক শুভেচ্ছা জনায়।

তেওঁ লিখিছে যে, 'প্ৰফেট মহম্মদৰ ওপজা দিনৰ শুভ ক্ষণত দেশত শান্তিৰ পৰিৱেশ গঢ়ি তুলিবলৈ আৰু সুস্থ সমাজ গঢ়াৰ বাবে তেওঁৰ আদৰ্শ আৰু কৰ্মৰাজিৰে সকলোৱে হওক অনুপ্ৰাণিত।'ৰাষ্ট্ৰপতি গৰাকীয়ে ভাৰতৰ লগতে বিদেশত থকা মুছলমান সম্প্ৰদায়ৰ লোকসকলকো শুভকামনা জ্ঞাপন কৰে। প্ৰফেট মহম্মদৰ নীতি-আদৰ্শৰ বিষয়ে পৱিত্ৰ কোৰাণত সন্নিৱিষ্ট হৈ আছে । সমাজৰ কল্যাণৰ বাবে কাম কৰিবলৈও সকলোকে আহ্বান জনালে ৰাষ্ট্ৰপতি গৰাকীয়ে। মুছলমান সকলৰ ধৰ্মীয় কেলেণ্ডাৰৰ তৃতীয় মাহ ৰবি-আল-আৱালত মিলাড-উন-নৱী পালন কৰা হয়।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ গুজৰাট ভ্ৰমণক লৈ সষ্টম সাগৰীয় আৰক্ষী

ABOUT THE AUTHOR

...view details