অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ 64 সংখ্যক "মন কি বাত",কি ক'লে ? - দেশৰ দৰিদ্ৰ শ্ৰেণী

কোভিড 19 ৰ বিৰুদ্ধে অব্যাহত থকা যুঁজত ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনসমূহে আগবঢ়োৱা অৱদানৰ বাবে সকলোকে ধন্যবাদ জনায় প্ৰধানমন্ত্ৰীয়ে ৷ লগতে,এইক্ষেত্ৰত ৰাজ্য চৰকাৰে অত্যন্ত সক্ৰিয় ভূমিকা পালন কৰিছে বুলিও উল্লেখ কৰে মোডীয়ে ৷

pm-modi-adressing-citizens-of-india-through-his-64th-maan-ki-baat-program
64 সংখ্যক "মন কি বাত" অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ

By

Published : Apr 26, 2020, 1:36 PM IST

নিউজ ডেস্ক, 26 এপ্ৰিল: 64 সংখ্যক "মন কি বাত" অনুষ্ঠানৰ জৰিয়তে দেওবাৰে দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ এই অনুষ্ঠান জৰিয়তে কোভিড-19 আৰু দেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ কৰ'ণা ভাইৰাছৰ ফলত সলনি হৈছে মানুহৰ জীনৱ শৈলী,মানুহৰ চেতনা আৰু সংবেদনশীলতা৷ লগতে, সাম্প্ৰতিক সময়ত সভ্য সমাজৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে মাক্স ৷ মন কি বাত অনুষ্ঠানত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ ৰাজহুৱা স্থানত থু পেলোৱা বন্ধ কৰিবলৈ দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ ৷ এই কাৰ্য বন্ধ হ'লে প্ৰাথমিক স্বচ্ছতা বৃদ্ধি পোৱাৰ লগতে কোভিড 19 ৰ বিৰুদ্ধে চলি থকা যুঁজখন অধিক শক্তিশালী হ'ব বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

64 সংখ্যক "মন কি বাত" অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ

লক ডাউনৰ ফলত সৰ্বাধিক প্ৰভাৱান্বিত হোৱা দেশৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বেংক একাউন্টত 'প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা'ৰ অধীনত পোনপেটীয়াকৈ আৰ্থিক সাহাৰ্য পঠিওৱা হৈছে ৷ বৃদ্ধ পেঞ্চন প্ৰদানৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে ৷ তদুপৰি দৰিদ্ৰ লোকসকলক তিনিমাহৰ বাবে ৰন্ধন গেছৰ চিলিণ্ডাৰো বিনামূলীয়াকৈ যোগান ধৰা হ‘ব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

কোভিড 19ৰ বিৰুদ্ধে অব্যাহত থকা যুঁজত ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনসমূহে আগবঢ়োৱা অৱদানৰ বাবে সকলোকে ধন্যবাদ জনায় প্ৰধানমন্ত্ৰীয়ে ৷ লগতে,এইক্ষেত্ৰত ৰাজ্য চৰকাৰে অত্যন্ত সক্ৰিয় ভূমিকা পালন কৰিছে বুলিও উল্লেখ কৰে মোডীয়ে ৷

64 সংখ্যক "মন কি বাত" অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ

কৰ'ণা ভাইৰাছ ৰোধৰ বাবে ভাৰতবাসীয়ে যি দৰে একত্ৰিতভাৱে চৰকাৰক সহায় কৰিছে তাৰ বাবে দেশবাসীক এই মন কি বাত অনুষ্ঠানৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

তদুপৰি বিশ্বৰ সংকটৰ সময়ত এজনে আনজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে ৷ লগতে,এই যুঁজখন জনগণৰ দ্বাৰা চালিত হৈছে বুলি 'মন কি বাত' অনুষ্ঠানত উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ৷

লগতে পঢ়ক : কৰ'ণা ভাইৰাছঃ আজিৰ দিনটোত বিশ্বৰ সমীক্ষা

ABOUT THE AUTHOR

...view details