অসম

assam

ETV Bharat / bharat

লক ডাউন সন্দৰ্ভত দেশবাসীক একপক্ষীয় সম্বোধন প্ৰধানমন্ত্ৰীৰ: কংগ্ৰেছ

লক ডাউনৰ সময়ছোৱাত দেশজুৰি সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোনো সঠিক উত্তৰ নিদিয়াৰ অভিযোগ তোলো কংগ্ৰেছ নেতা অজয় মাকেন। ভিডিঅ' কনফাৰেঞ্চযোগে কেৱল একপক্ষীয় মন্তব্য ৰখা বুলি দোষাৰোপ কৰে প্ৰধানমন্ত্ৰীক গৰাকীক ।

অজয় মাকেন
লক ডাউন সন্দৰ্ভত দেশবাসীক একপক্ষীয় সম্বোধন প্ৰধানমন্ত্ৰী: কংগ্ৰেছ

By

Published : Apr 19, 2020, 6:17 PM IST

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃলক ডাউনৰ বাবে দেশজুৰি সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দোষাৰোপ কংগ্ৰেছ নেতাৰ । লক ডাউনৰ সময়ছোৱাত নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেঞ্চযোগে দেশবাসীক সম্বোধন কৰি দিয়া ভাষণ জৰিয়তে দেশৰ সমস্যা সমূহ সন্দৰ্ভত কোনো সঠিক উত্তৰ লাভ নকৰা বুলি দোষাৰোপ কৰে কংগ্ৰেছ নেতা অজয় মাকেনে ।

লক ডাউন সন্দৰ্ভত দেশবাসীক একপক্ষীয় সম্বোধন প্ৰধানমন্ত্ৰী: কংগ্ৰেছ

লগতে এক সংবাদমেলত অজয় মাকেনে কয় যে,কেন্দ্ৰ চৰকাৰে দেশৰ ক্ষুদ্ৰ বিক্ৰেতা আৰু ব্যৱসায়ী সকলক সহায় কৰাটো আৱশ্যক। কিয়নো লক ডাউনৰ বাবেই এইসকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে।

লগতে কয়,এইটো বহুতো দুখৰ বিষয় যে,আমাৰ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হতাশাজনক তথা এক পক্ষীয়ভাৱে দেশবাসীক সম্বোধন কৰি আহিছে । তেখেতে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমেৰে দেশবাসীক সম্বোধন কৰি আহিছে। কিন্তু দেশৰ জনসাধৰণে ক'ব বিচৰা প্ৰশ্ন সমূহৰ উত্তৰ দিবলৈ কোনো ব্যৱস্থা নাই প্ৰধানমন্ত্ৰীয়ে।

লক ডাউন সন্দৰ্ভত দেশবাসীক একপক্ষীয় সম্বোধন প্ৰধানমন্ত্ৰী: কংগ্ৰেছ

পঞ্জাৱ আৰু ৰাজস্থান চৰকাৰ উদাহৰণ দি অজয় মাকেনে কয় যে,বিশ্বব্যাপী পৰা মহামাৰী COVID-19ৰ সংকটময় সময়ছোৱাত দুয়োখন ৰাজ্যৰ জনসাধৰণক সকাহ পোৱাৰ উদ্দেশ্যৰে ৰাজ্য দুখনে দুমাহৰ বিজুলী মাচুল পাচত ল'ব বুলি ঘোষণা কৰে । কিন্তু বাকী ৰাজ্য়সমূহত তেনে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ।

লগতে চাওকঃ বিনা বেতনে তিনিমাহৰ বাবে নিলম্বন স্পাইছজেটৰ কৰ্মচাৰী!

ABOUT THE AUTHOR

...view details