অসম

assam

ETV Bharat / bharat

লকডাউনৰ পাচৰ ৰণনীতি : কেবিনেট মন্ত্ৰীৰে বৈঠক প্ৰধানমন্ত্ৰী মোডীৰ

গৃহ মন্ত্ৰী, বিত্ত মন্ত্ৰী, ৰেলৱে মন্ত্ৰীৰে বৈঠকত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ ৷ লকডাউনৰ পাচৰ ৰণনীতি সম্পৰ্কত আলোচনা কৰে মোডীয়ে ৷

By

Published : May 1, 2020, 11:08 PM IST

লকডাউনৰ পাচৰ ৰণনীতি
প্ৰধানমন্ত্ৰী মোডী

নেশ্যনেল ডেস্ক, 1 মে' : শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে সাক্ষাৎকৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক ৷ লকডাউনৰ পাচত গ্ৰহণ কৰিবলগা ৰণনীতি সম্পৰ্কত আলোচনা কৰিবৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে মিলিত হয় মোডী ৷ এই সম্পৰ্কত বৰ্তমানলৈকে কোনো চৰকাৰী বিবৃতি প্ৰকাশ নাপালেও সূত্ৰই জানিবলৈ দিয়া অনুসৰি, লকডাউনৰ পাচৰ পৰ্যায়ৰ দিশসমূহ আলোচনা কৰিবৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীয়ে যোৱা কিছুদিনৰ পৰা বহুকেইখন বৈঠকৰ আয়োজন কৰিছে ৷

শুকুৰবাৰে পুৱাৰ ভাগত আয়োজন কৰা এই বৈঠকত ৰেলৱে', বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুশ গোয়েলো উপস্থিত আছিল ৷ লকডাউনৰ ফলত ভাৰতৰ অৰ্থনীতি দূৰ্বল হৈ পৰাৰ ফলত ইয়াৰ পৰা উদ্ধাৰৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে বহুকেইখন বৈঠকত অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷ বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰা, ঘৰুৱা উৎপাদিত সামগ্ৰীৰ প্ৰসাৰ আদি সম্পৰ্কত এই বৈঠকসমূহত মোডীয়ে আলোচনা কৰা বুলি জানিব পৰা গৈছে ৷

বৈঠকত বিনিয়োগৰ স্থিতি, প্ৰতিৰক্ষা আৰু বিমান পৰিবহণ বিভাগ, খনিজাত খণ্ডসমূহৰ পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ উল্লেখ্য যে, চৰকাৰে 25 মাৰ্চৰ পৰা 21 দিনীয়া লকডাউন ঘোষণা কৰিছিল যদিও ইয়াৰ পাচত এই লকডাউন 3 মে'লৈ বৃদ্ধি কৰিছিল ৷ এই ৰাষ্ট্ৰজোৰা লকডাউনৰ ফলত দেশৰ ব্যৱসায়, বিমান পৰিবহণ আৰু ৰেল পৰিৱহণ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছিল ৷

দেশৰ অৰ্থনীতি স্তব্ধ হৈ পৰাৰ ফলত এপ্ৰিল-জুনৰ GDP তো ই ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ মাৰ্চৰ শেষৰফালে চৰকাৰে দুখীয়া মহিলা আৰু বয়োজ্যেষ্ঠ লোকৰ বাবে বিনামূলীয়া খাদ্য আৰু ৰন্ধন গেছ প্ৰদানৰ বাবে 1.7 লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল ৷ আনহাতে, লকডাউনে কোবাই যোৱা লঘু আৰু মধ্যমীয়া উদ্যোগৰ বাবেও চৰকাৰে এক পেকেজ ঘোষণা কৰিছিল ৷

ABOUT THE AUTHOR

...view details