নিউজ ডেস্ক, ১১ মে' :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত ৰাজ্য়সমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে সোমবাৰে অনুষ্ঠিত হৈ যায় এক বিশেষ সভা । সভাত সহযোগিতামুলকভাৱে ৰাজ্যসমূহৰ সৈতে কনটেইনমেন্ট নীতি আৰু অৰ্থনৈতিক ব্যৱস্থা আৰম্ভ কৰাৰ ওপৰত আলোচনা কৰাৰ লগতে ৫৪ দিনযোৰা লকডাউন অন্ত পেলোৱাৰ ওপৰত আলোকপাত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়কঃলকডাউন : সোমবাৰে মুখ্য়মন্ত্ৰীসকলৰ সৈতে আলোচনাত বহিব প্ৰধানমন্ত্ৰী
প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ নিজ নিজ গৃহৰাজ্যলৈ গমন তথা ইয়াৰ ফলত অৰ্থনীতিত হ'ব পৰা সম্ভাৱ্য পৰিস্থিতিৰ ওপৰতো সভাত আলোচনা কৰা হয় । বিগত ২৭ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা সভাত নিজৰ মত প্ৰকাশ কৰিবলৈ নোপোৱা মুখ্যমন্ত্ৰীসকলৰ বিভিন্ন দিশৰ ওপৰতো আজি আলোচনা কৰা হয় । আলোচনাত প্ৰধানমন্ত্ৰীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰ লগতে মুখ্যমন্ত্ৰী ৱাইএছ জগনমোহন ৰেড্ডী (অন্ধ্ৰপ্ৰদেশ), মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং (পঞ্জাৱ), মুখ্য়মন্ত্ৰী নীতিশ কুমাৰ (বিহাৰ), মুখ্য়মন্ত্ৰী যোগী আদিত্যনাথ (উত্তৰ প্ৰদেশ), মুখ্য়মন্ত্ৰী পেমা খান্দু (অৰুণাচল প্ৰদেশ)ৰ লগতে বাকীসকলে অংশগ্ৰহণ কৰে ।