অসম

assam

ETV Bharat / bharat

হনুমান জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

হনুমান জয়ন্তীৰ পবিত্ৰ ক্ষণত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ টুইটযোগে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

By

Published : Apr 8, 2020, 12:47 PM IST

হনুমান জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
হনুমান জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, 8 এপ্ৰিলঃ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক পবিত্ৰ হনুমান জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ পৱনপুত্ৰৰ জীৱন ভক্তি আৰু শক্তিৰে সম্পূৰ্ণ যিয়ে আমাক সংকটকালত যিকোনো পৰিস্থিতিৰে মুখামুখি হৈ তাৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে জয়ী হোৱাত সাহস যোগায় বুলি দেশবাসীক কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

হনুমান জয়ন্তীৰ এই পবিত্ৰ ক্ষণত দেশবাসীক হাৰ্দিক শুভেচ্ছা জ্ঞাপন কৰি টুইট কৰে ৷ পৱনপুত্ৰ জীৱন ধৰ্ম, শক্তি, একাগ্ৰতা আৰু নিয়মানুৱৰ্তিতাৰে পৰিপূৰ্ণ যিয়ে আমাক সংকটৰ পৰা আঁতৰি আহিবলৈ অনুপ্ৰেৰণা যোগায় ৷

সমগ্ৰ দেশতে মহাপ্ৰভু বীৰ হনুমানৰ জন্মদিৱস উপলক্ষে হনুমান জয়ন্তী পালন কৰা হয় ৷ চত মাহৰ শুক্ল পক্ষৰ 15সংখ্যক দিনটোত সমগ্ৰ দেশত হনুমান জয়ন্তী পালন কৰা হয় ৷

ABOUT THE AUTHOR

...view details