নিউজ ডেস্ক, 12 এপ্ৰিলঃদেশত অব্যাহত আছে লকডাউন ৷ কৰ’ণা ভাইৰাছক লৈ শনিবাৰে দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ মোডীৰ আলোচনাৰ পিচতেই টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৰ্নাটকৰ মুখ্যমন্ত্ৰী বিএছ য়েদিয়ুৰাপ্পাই ৷
লকডাউনৰ সময় কটাবলৈ প্ৰধানমন্ত্ৰীয়ে উপায় প্ৰদান কৰিছে : য়েদিয়ুৰাপ্পা - কোভিড-19 মহামাৰী
সমগ্ৰ দেশতে লকডাউন চলি আছে আৰু এনে সময়ত দেশবাসীয়ে কি কৰিব, কি নকৰিব ভাবি পোৱা নাই ৷ এনে অৱস্থাত দেশবাসীয়ে কি কৰা উচিত তাক লৈ প্ৰধানমন্ত্ৰীয়ে কোৱা ব্যৱস্থা পালন কৰিবলৈ আহ্বান জনাইছে কৰ্নাটকৰ মুখ্যমন্ত্ৰী বিএছ য়েদিয়ুৰাপ্পাই ৷
"আমি ভাল কাম কৰি আছো আৰু কোভিড-19ৰ বিৰুদ্ধে যুঁজখন নিয়ন্ত্ৰণত আছে ৷ প্ৰধানমন্ত্ৰীয়ে লকডাউনৰ সময়চোৱাত কি কৰিম তাক লৈ পৰামৰ্শ আগবঢ়াইছে ৷" এইদৰে টুইট কৰে য়েদিয়ুৰাপ্পাই ৷ কৰ্নাটকৰ ৰাজ্যিক কেবিনেটৰ মন্ত্ৰীসকলেও প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই বাৰ্তালাপত অংশগ্ৰহণ কৰে ৷ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপত দেশৰ প্ৰায়সংখ্যক মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে ৷
দেশব্য়াপী চলি থকা 21 দিনীয়া লকডাউন অহা 14 এপ্ৰিলত অন্ত পৰিব ৷ কিন্তু এতিয়াও কিছুসংখ্যক ৰাজ্যই লকডাউন উঠাই লোৱাৰ পোষকতা কৰা নাই ৷ উৰিষ্যাই ইতিমধ্যে এপ্ৰিলৰ 30 তাৰিখলৈ লকডাউন বঢ়াই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ তেলেংগানা চৰকাৰেও এই লকডাউন অহা 30 এপ্ৰিললৈকে বঢ়াই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এনে অৱস্থাত প্ৰধানমন্ত্ৰীয়ে পুনৰ দুই সপ্তাহৰ বাবে দেশত লকডাউন অব্য়াহত থাকিব বুলি ঘোষণা কৰিছে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে যিকোনো ধৰণৰ আলোচনাৰ বাবে প্ৰতিটো সময়তে উপলব্ধ থাকিব বুলি কোৱাৰ লগতে ৰাইজক সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ৷