অসম

assam

ETV Bharat / bharat

কৰ’ণা ভাইৰাছৰ সম্প্ৰসাৰণ ৰোধ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা মোডীৰ - মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা মোডীৰ

শুকুৰবাৰে এক ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ বিয়লি 4 বজাত অনুষ্ঠিত হৈছিল এই বৈঠক ৷ মাৰাত্মক কৰ’ণা ভাইৰাছৰ সম্প্ৰসাৰিত বিষয় সন্দৰ্ভতেই স্থানীয় বিষয়া আৰু জনসাধাৰণৰ সহযোগিতাৰ বিষয়ে অৱগত হয় প্ৰধানমন্ত্ৰী মোডী ৷

কৰ’ণা ভাইৰাছৰ সম্প্ৰসাৰণ ৰোধ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা মোডীৰ
কৰ’ণা ভাইৰাছৰ সম্প্ৰসাৰণ ৰোধ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা মোডীৰ

By

Published : Mar 20, 2020, 8:56 PM IST

Updated : Mar 20, 2020, 10:48 PM IST

নিউজ ডেস্ক, 20 মাৰ্চ: কৰ’ণা ভাইৰাছৰ সম্প্ৰসাৰিত বিষয় সন্দৰ্ভত শুকুৰবাৰে বহু কেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে এক ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই বৈঠকত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধন আৰু উচ্চ পৰ্যায়ৰ বহু কেইজন স্বাস্থ্য বিষয়াৰ লগতে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং,মহাৰাষ্ট্ৰৰ মু্খ্যমন্ত্ৰী উদ্ধৱ থাকৰে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও অংশগ্ৰহণ কৰে ৷ এই বৈঠকত কৰ’ণা ভাইৰাছ সম্প্ৰসাৰিত হোৱাৰ প্ৰক্ৰিয়াৰ ওপৰত আলোচনা কৰা হয় ৷ এই ভাইৰাছক প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্যৰ সক্ষমতা আৰু স্থানীয় স্বাস্থ্য বিষয়াক প্ৰশিক্ষণ দিয়াৰ ওপৰতো গুৰুত্বপূৰ্ণ চৰ্চা কৰা হয় ৷

কৰ’ণা ভাইৰাছৰ সম্প্ৰসাৰণ ৰোধ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা মোডীৰ

আনহাতে বৃহস্পতিবাৰে বাৰে দেশবাসীক সম্বোধন কৰি কৰ’ণা ভাইৰাছৰ প্ৰভাৱ তথা স্তৰৰ বিষয়ে উল্লেখ কৰি ভাৰতবৰ্ষ বৰ্তমানলৈকে এই ভাইৰাছৰ সংকটৰ পৰা বাহিৰত আছে বুলি মন্তব্য কৰে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, এই ভাইৰাছক অৱহেলিত কৰা মানসিকতা সঠিক নহয় ৷ কৰ’ণা ভাইৰাছৰ দৰে এটা বিশ্বব্যাপী ভাইৰাছক উপলুঙা কৰাটো সঠিক নহয় ৷ এইয়া প্ৰয়োজনীয় যে প্ৰত্যেক জন নাগৰিকে সৰ্তক আৰু সাৱধানতা অৱলম্বন কৰক

মহামাৰীত প্ৰভাৱিত দেশ সমূহৰ ওপৰত কৰা অধ্যয়নত ধৰা পৰিছে যে, কিছু দিনৰ অন্ততেই অধিক বিস্ফোৰক হৈ পৰিছে এই ভাইৰাছৰ ভয়াৱতা ৷ অতি কম দিনৰ ভিতৰতে বহু লোক সংক্ৰমিত কৰিছে এই মহামাৰী Covid-19 য়ে ৷

Last Updated : Mar 20, 2020, 10:48 PM IST

ABOUT THE AUTHOR

...view details