নিউজ ডেস্ক, ১২ মে':কৰ'ণা ভাইৰাছৰ মহামাৰী বাবে দেশত এতিয়া তৃতীয় পৰ্যায়ৰ লক্ ডাউন । ১৭ মে' ত অন্ত পৰিব তৃতীয় পৰ্যায়ৰ লক্ ডাউন । ইয়াৰ মাজতেই সোমবাৰে প্ৰায় ৬ ঘণ্টা ধৰি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
মোডীয়ে কয়, আমি এইটো বুজি উঠিব লাগিব যে প'ষ্ট COVID-১৯ ক লৈ এতিয়া পৃথিৱী মৌলিক ভাৱে সলনি হৈছে । বিশ্ব যুদ্ধৰ দৰে এতিয়া পৃথিৱী প্ৰী-কৰ'ণা আৰু প'ষ্ট কৰ'ণা লৈ পৰিৱৰ্তন হৈছে । যিয়ে আমাৰ কাম কৰাৰ ধৰণলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব ।
এতিয়া সবাতোকৈ চৰ্চাৰ বিষয় হৈ পৰিছে যে ১৭ মে'ৰ পিচত কি হ'ব ? লক্ ডাউন প্ৰত্যাহাৰ কৰা হ'ব নে বৃদ্ধি কৰা হ'ব ? এই সন্দৰ্ভত সকলোকে সামৰি লোৱাকৈ এক নীতি গ্ৰহণৰ এক ইংগিত দিয়া হৈছে । অৱশ্যে ইতিমধ্যে ঠাই ভেদে কিছু কিছু অঞ্চলত লক্ ডাউন শিথিল কৰি অৰ্থনৈতিক কাৰ্য-কলাপ আৰম্ভ কৰা হৈছে । কেৱল কন্টেইনমেণ্ট জ'নতেই বাধা আৰোপ কৰা হৈছে অৰ্থনৈতিক কাৰ্য-কলাপৰ ক্ষেত্ৰত ।
বৰ্তমান প্ৰধানমন্ত্ৰীৰ কাষত দুটা বিষয়ক লৈ প্ৰত্যাহ্বান আহি পৰিছে । এটা হৈছে অৰ্থ ব্যৱস্থাৰ পুনঃচালনা, যিটো বৰ্তমান অচল হৈ পৰিছে । আনটো হৈছে ভাৰতৰ গ্ৰামীণ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সংক্ৰমণ ৰোধ কৰা । এই বৈঠকত ভিন্ন-বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰী সকলৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীয়ে । কিন্তু ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী সকলক ভাৰসাম্য ৰণনীতি অৱলম্বন কৰাৰ পৰামৰ্শ দিয়া বুলি জানিব পৰা গৈছে ।
লক্ ডাউন সন্দৰ্ভত বৰ্তমান ৰাজ্য সমূহো তিনিটা ভাগত বিভক্ত হৈ পৰিছে- কিছু সংখ্যক ৰাজ্যই প্ৰতিবন্ধক সমূহ উঠাই দিয়াৰ পক্ষপাতিত কৰিছে যদি আন কিছুমান ৰাজ্যই ইয়াৰ বিৰোধীতা কৰিছে । আনহাতে আন কোনোৱাই আকৌ উপযুক্ত প্ৰতিবন্ধকতাৰ লগতে শিথিলতাৰ কথা উল্লেখ কৰিছে ।