অসম

assam

ETV Bharat / bharat

স্ব-প্ৰচাৰৰ কোনো সুযোগ বাদ নিদিয়ে প্ৰধানমন্ত্ৰী মোডীয়ে : চৱন - প্ৰধানমন্ত্ৰী শুশ্ৰুষা নিধি

প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ পৃথ্বীৰাজ চৱনৰ ৷ স্ব-প্ৰচাৰৰ কোনো সুযোগ বাদ নিদিয়ে বুলি মন্তব্য ৷

প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ পৃথ্বীৰাজ চৱনৰ
পৃথ্বীৰাজ চৱন

By

Published : Apr 1, 2020, 10:24 PM IST

নেশ্যনেল ডেস্ক, 1 এপ্ৰিল : জ্যেষ্ঠ কংগ্ৰেছ নেতা পৃথ্বীৰাজ চৱনে বুধবাৰে প্ৰধানমন্ত্ৰী শুশ্ৰুষা নিধিক (PM CARES fund) প্ৰধানমন্ত্ৰী মোডীৰ 'স্ব-প্ৰচাৰৰ প্ৰৱল প্ৰয়াস' বুলি অভিহিত কৰিছে ৷

টুইটাৰৰ জৰিয়তে তেওঁ কয়, "কেৱল ভাৰততহে প্ৰেৰণাদায়ক আঁচনিসমূহৰ নাম প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ (PM garib Kalyan yojana) দৰে হয় ৷ নৰেন্দ্ৰ মোডীয়ে স্ব-প্ৰচাৰৰ এটাও সুযোগ বাদ নিদিয়ে ৷"

চবনে লগতে কয়, "বিশ্বৰ কোনো নেতাই এনে ধৰণৰ আঁচনি ঘোষণা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ আঁচনি, ৰাষ্ট্ৰপতিৰ আঁচনি অথবা ট্ৰাম্পৰ আঁচনি বুলি ঘোষণা নকৰে ৷"

তেওঁ কয় যে,প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ ধাৰণাতো 1948 চনৰ জানুৱাৰীত জৱাহৰলাল নেহৰুৱে প্ৰৱৰ্তন কৰিছিল ৷ সেই সময়ত পাকিস্তানৰ শৰণাৰ্থীসকলক সহায় আগবঢ়াবৰ বাবে নেহৰুৱে এই আঁচনি উলিয়াইছিল ৷

চবনে টুইটাৰৰ জৰিয়তে কয়, "নৰেন্দ্ৰ মোডীৰ বাহিৰে কোনো এজন প্ৰধানমন্ত্ৰীয়ে পৃথককৈ এক ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজি আৰম্ভ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিল ৷"

উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ PM CARES fund লৈ বহু ব্যৱসায়ী সন্থা আৰু নামী-দামী তাৰকাই ইতিমধ্য়ে সাহাৰ্য প্ৰদান কৰিছে ৷

আৰু পঢ়ক :

অসমত কোভিড-19 ত আক্ৰান্তৰ সংখ্য 13 জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details