অসম

assam

By

Published : Jun 24, 2020, 11:10 AM IST

ETV Bharat / bharat

পশ্চিমবংগত ভ্ৰাম্যমাণ দলৰ দুৰ্দশা

পশ্চিমবংগত কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে ভ্ৰাম্যমাণ নাটকৰ জৰিয়তে পৰিয়াল পোহপাল দিয়া কলা-কুশলীসকল । মহামাৰী কৰ'ণাৰ বাবেই সমগ্ৰ দেশজুৰি কোনো ধৰণৰ উৎসৱ-পাৰ্বন উদযাপন নোহোৱাত বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰ বাবেই আৰ্থিক সমস্যাত ভুগিছে কলা-কুশলীসকল ।

পশ্চিম বংগ
পশ্চিমবংগত ভ্ৰাম্যমাণ দলৰ দুৰ্দশা

নিউজ ডেস্ক, ২৪ জুনঃ কঠিন সময়ৰ সন্মুখীন হৈছে পশ্চিমবংগৰ ভ্ৰাম্যমাণ নাটকৰ শিল্পীকে ধৰি সমূহ কলা-কুশলী । ৰথ যাত্ৰাত এটাও ভ্ৰাম্যমাণ নাটকৰ দলে অনুষ্ঠান পৰিৱেশন কৰিব নোৱৰাৰ উপৰিও দুৰ্গা পূজালৈ মাজত মাথো কেইটামাহ বাকী থকাৰ পাচতো বৰ্তমান পৰ্যন্ত ভ্ৰাম্যমাণ নাটকসমূহৰ বুকিং নোহোৱাত শংকিত হৈ পৰিছে সমূহ কলা-কুশলী ।

পশ্চিমবংগত ভ্ৰাম্যমাণ দলৰ দুৰ্দশা

উল্লেখ্য যে,মহামাৰী কৰ'ণা প্ৰতিৰোধৰ বাবে চলা লক ডাউন তথা সজাগতাৰ বাবেই বিগত কিছুমাহ ধৰি কোনো ধৰণৰ উৎসৱ-পাৰ্বণ উদযাপন কৰা নাই সমগ্ৰ দেশবাসীয়ে । যাৰ বাবেই বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত বুকিং হোৱা নাই ভ্ৰাম্যমাণ নাটকসমূহ । মাৰ্চ এপ্ৰিল মাহৰ পৰা নৱেম্বৰলৈ এই ভ্ৰাম্যমাণ নাটকৰ দলে সমূহ বিভিন্ন উৎসৱত গৈ অনুষ্ঠান পৰিৱেশন কৰে যদিও চলিত বৰ্ষত বুকিং হোৱা নাই বুলি সদৰি কৰে ভ্ৰাম্যমাণ নাটকৰ দলসমূহে ।

পশ্চিমবংগত ভ্ৰাম্যমাণ দলৰ দুৰ্দশা

লগতে চাওকঃ সেনাই সম্পূৰ্ণ কৰিলে বাঘজান তৈলখাদলৈ যোৱা দলং নিৰ্মাণৰ কাম

ABOUT THE AUTHOR

...view details