নিউজ ডেস্ক, 23 জানুৱাৰীঃপ্লাষ্টিক প্ৰদূষণ পৰিৱেশৰ বাবে আটাইতকৈ অধিক চিন্তনীয় বিষয় হৈ পৰাৰ সমান্তৰালকৈ একক ব্যৱহৃত প্লাষ্টিকৰ উৎপাদন দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ যাৰ বাবে একক ব্যৱহৃত প্লাষ্টিক পৃথিৱীৰ বাবে হৈ পৰিছে সংকটজনক ৷ প্লাষ্টিকৰ আৱৰ্জনাৰ ক্ৰমবৰ্ধমান বৃদ্ধিৰ ফলত ভাৰতৰ দৰে উন্নয়নশীল দেশত বিশেষভাৱে সমস্যাৰ সৃষ্টি কৰিছে ৷ কিয়নো ইয়াত প্লাষ্টিক সংগ্ৰহ আৰু পুনৰ নৱীকৰণ ব্যৱস্থা প্ৰায়েই অক্ষম বা নগণ্য ৷
কেন্দ্ৰীয় প্ৰদূষন নিয়ন্ত্ৰণ বোৰ্ডৰ 2012 চনৰ অনুমান অনুসৰি, ভাৰতত এদিনত প্ৰায় 26,000 টন প্লাষ্টিক উৎপন্ন হয় ৷ কিন্তু ইয়াতকৈয়ো পৰিতাপৰ বিষয় এই যে, এদিনত 10,000 টনতকৈয়ো অধিক প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ নকৰাকৈয়ে ৰৈ যায় ৷ এই বিষয়ত অধিক তথ্যৰ বাবে ইটিভি ভাৰতে হৃদৰোগ আৰু এজমা ৰোগ বিশেষজ্ঞডা৹ শৈলেন্দ্ৰ শৈনীৰ সৈতে আলোচনা কৰে ৷ য'ত তেওঁ প্লাষ্টিকৰ ক্ৰমবৰ্ধমান ব্যৱহাৰ ওপৰত আলোকপাত কৰি কিছু তথ্য প্ৰদান কৰে ৷