অসম

assam

ETV Bharat / bharat

মাংগালুৰুৰ এগৰাকী পৰিৱেশবিদে কাঠেৰে নিৰ্মাণ কৰি উলিয়াইছে ব্ৰাচ - wooden toothbrush and paper made straw

মাংগালুৰুৰ এগৰাকী পৰিৱেশবিদ আৰু শিল্পী নিতিন ভাসে বিচাৰি উলিয়াইছে প্লাষ্টিকৰ এক বিকল্প ব্যৱস্থা ৷ চেগুন গছৰ বাকলিৰে সাজি উলিয়াইছে কাঠৰ ব্ৰাচ ৷

মাংগালুৰুৰ এগৰাকী পৰিবেশবিদ
মাংগালুৰুৰ এগৰাকী পৰিবেশবিদ

By

Published : Jan 25, 2020, 6:51 PM IST

নিউজ ডেস্ক, 25 জানুৱাৰীঃপ্লাষ্টিকৰ ভয়াৱহতাই বৰ্তমান সমগ্ৰ পৃথিৱীকে প্ৰভাৱিত কৰিছে ৷ যাৰ পৰা উদ্ধাৰ পাবলৈ বিশ্বজুৰি জনতাই বিভিন্ন পদক্ষেপ হাতত লৈছে ৷

মাংগালুৰুৰ এগৰাকী পৰিৱেশবিদ আৰু শিল্পী নিতিন ভাসে প্লাষ্টিকৰ সলনি আমি আমাৰ জীৱনত প্ৰতিদিনে ব্যৱহাৰ কৰিব পৰা কোনো বিকল্প সামগ্ৰী উৎপাদনৰ পদক্ষেপ গ্ৰহণ কৰে ৷ আমাৰ জীৱনৰ প্ৰতিটো দিনতে প্লাষ্টিকৰ বিকল্প বিচৰাটো সম্ভৱ নহয় ৷ প্ৰায় সকলো লোকেই ৰাতিপুৱা প্লাষ্টিকৰ ব্ৰাছ ব্যৱহাৰ কৰে আৰু ভাসে প্লাষ্টিকৰ সলনি কাঠৰ ব্ৰাচ ব্যৱহাৰ কৰে ৷

ভাসে অসমৰ জনজাতীয় লোকসকলৰ বাবে কাম কৰা এটা বেচৰকাৰী সংস্থাৰ সৈতে জড়িত হয় আৰু সেই জনজাতীয় লোকসকলচেগুন গছৰ বাকলিৰে কাঠৰ ব্ৰাচ নিৰ্মাণত দক্ষ, যাৰ পৰা তেওঁ কাঠৰ ব্ৰাচ নিৰ্মাণত দক্ষতা লাভ কৰে ৷

মাংগালুৰুৰ এগৰাকী পৰিৱেশবিদ কাঠেৰে নিৰ্মাণ কৰি উলিয়াইছে ব্ৰাচ

সেই ব্ৰাচ সমূহ চেগুন গছৰ বাকলিৰে নিৰ্মিত হোৱাৰ বিপৰীতে, ব্ৰাছত ব্যৱহাৰ কৰা নোমবোৰ ব্যৱহাৰৰ পিচত নষ্ট হ'ব পৰা নাইলনৰ দ্বাৰা নিৰ্মিত যিবোৰ পৰিৱেশ অনুকুল ৷ ইয়াৰোপৰি তেওঁ কাগজেৰে নিৰ্মাণ কৰি উলিয়াইছে জুলীয়া দ্ৰৱ্য সেৱন কৰা ষ্ট্ৰ' ৷

এই পদক্ষেপ বাস্তৱত এক স্থায়ী আৰু অনাগত ভৱিষ্যতত প্লাষ্টিকৰ ভয়াৱহতাৰ পৰা হাত সৰাৰ এক উল্লেখযোগ্য পদক্ষেপ ৷

লগতে পঢ়ক ঃকৰ্ণাটকৰ ৰাইশূৰত প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা

ABOUT THE AUTHOR

...view details