নেশ্য়নেল ডেস্ক, 25 এপ্ৰিল :কৰ'ণা ভাইৰাছে বিশ্বৰ প্ৰায় 2.7 মিলিয়ন লোকক আক্ৰান্ত কৰাৰ লগতে প্ৰাণ কাঢ়ি নিলে প্ৰায় 1,91,000 লোকৰ ৷ বৰ্তমানলৈকে ৰোগবিধ প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ বিশেষ চিকিৎসা ব্য়ৱস্থা উদ্ভাৱন কৰিব নোৱাৰাত ই এক জটিল ৰূপ ধাৰণ কৰিছে ৷ বিজ্ঞানী আৰু চিকিৎসকসকলে COVID-19 ৰ চিকিৎসাৰ বাবে বিভিন্ন ঔষধ,প্ৰতিষেধক আৰু উপায় অৱলম্বন কৰা দেখা গৈছে ৷
এনে সময়তে বিশ্বৰ চিকিৎসা বিজ্ঞানত বিশেষ তাৎপৰ্য বহন কৰিছে প্লাজমা থেৰাপিয়ে ৷ Indian Council of Medical Research (ICMR) য়ে প্লাজমা থেৰাপিৰ ক্লিনিকেল পৰীক্ষণ কৰিবলৈ সন্মতি প্ৰদান কৰাৰ পাচতে বহু ৰাজ্য যেনে,কেৰালা,পাঞ্জাৱ,গুজৰাট,দিল্লী আৰু মহাৰাষ্ট্ৰই এই থেৰাপি আৰম্ভ কৰিছে ৷ ইয়াৰোপৰি, এই থেৰাপিৰ পৰা বহু ৰাজ্যই পজিটিভ ফলাফল পোৱা বুলিও জানিব পৰা গৈছে ৷ COVID-19 ৰোগীৰ বাবে কৰ্ণাটকেও প্লাজমা থেৰাপি আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে ৷ ভাৰতৰ উপৰিও বিশ্বৰ বিভিন্ন দেশে প্লাজমা থেৰাপিৰ পৰীক্ষণ আৰম্ভ কৰিছে ৷
এই থেৰাপিৰ প্ৰকৃতি আৰু ইয়াৰ ভাল-বেয়া দিশ সম্পৰ্কত ইটিভি ভাৰতে কেইবাজনো স্বাস্থ্য বিশেষজ্ঞৰ সৈতে আলোচনা কৰে ৷
Convalescent plasma therapy কি হয় আৰু ই কেনেদৰে ক্ৰিয়া কৰে ?
Max Healthcare ৰ ব্লাড বেংকৰ মুৰব্বী ডঃ সংগীতা পাঠকে কয়, Convalescent plasma therapyনতুন ধাৰণা নহয় আৰু অন্য ভাইৰাছৰ চিকিৎসাৰ বাবেও পূৰ্বে ইয়াৰ ব্যৱহাৰ হৈছে ৷ বৰ্তমান COVID-19ৰ চিকিৎসাৰ বাবে ইয়াৰ ব্যৱহাৰ কৰাৰ কথা চিকিৎসক সকলে চিন্তা কৰিছে ৷ Convalescent plasma therapy ত COVID-19ৰ পৰা আৰোগ্য হৈ উঠা ৰোগীৰ দেহৰ পৰা প্লাজমা সংগ্ৰহ কৰা হয় আৰু অন্য COVID-19 ৰোগীৰ দেহত এই প্লাজমা প্ৰৱেশ কৰোৱা হয় ৷ সামান্য আৰু গুৰুতৰ ৰোগীৰ ওপৰত নিৰ্ভৰ কৰি এই প্লাজমা ৰোগীৰ দেহত প্ৰৱেশ কৰোৱা হয় ৷