মুম্বাই,2 জুলাই: ধাৰষাৰ বৰষুণৰ মাজতে শিৱাজী বিমানবন্দৰত সংঘটিত হয় এক অঘটন৷ অৱতৰণৰ সময়তে জয়পুৰৰ পৰা মুম্বাই অভিমুখে থকা স্পাইচজেটৰ SG-6237 বিমানখন হঠাৎ পিছল খাই ৰাণৱে'ৰ পৰা বাহিৰ হৈ যায়৷ এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে বিমানবন্দটোৰ এই ৰাণৱে'টো বন্ধ ৰাখি আন ৰাণৱে'ৰ সহায়ত যাতায়ত অব্যাহত ৰখা হয়৷ দুৰ্ঘটনাটোৰ পাছত যুদ্ধকালীন তৎপৰতাৰে যাত্ৰীসমূহত বাহিৰলৈ অনা হয়৷ এই ঘটনাত কোনো লোক হতাহত হোৱা নাই৷
অৱতৰণৰ সময়তেই অঘটনঃ মুম্বাই বিমান বন্দৰত চকা পিছলিল বিমানৰ - ETV BHARAT
মুষলধাৰ বৰষুণৰ মাজতে মুম্বাইৰ ছত্ৰপতি শিৱাজী বিমানবন্দৰত অৱতৰণৰ সময়ত ৰাণৱে'ৰ পৰা পিছলি বাহিৰ হ'ল বিমান ৷ জয়পুৰৰ পৰা মুম্বাই অভিমুখে আহি থকা স্পাইচজেটৰ এই বিমানখনত সংঘটিত হয় এই ঘটনা ৷ ঘটনাতো সংঘটিত হোৱাৰ সময়ত বিমানখনত যাত্ৰী আছিল 167 জন ৷
অৱতৰণৰ সময়তেই মুম্বাইত বিমানৰ চকা গ'ল পিছলি
উল্লেখ্য যে বিগত প্ৰায় সাতদিন ধৰি তীব্ৰ বৃষ্টিপাত হৈছে মুম্বাইত৷ সমগ্ৰ মুম্বাই জলমগ্ন হৈ পৰাত ব্যাহত হৈ পৰিছে জনজীৱন৷