অসম

assam

By

Published : Jun 5, 2020, 8:32 AM IST

ETV Bharat / bharat

Unlock 1.0 সন্দৰ্ভত তেলেংগানা চৰকাৰৰ নিৰ্দেশনাৱলী : কি কি খোলা থাকিব ?

লক ডাউনৰ মাজতে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান পুনৰ মুকলি কৰা সন্দৰ্ভত তেলেংগানা চৰকাৰে জাৰী কৰিছে বিশেষ নিৰ্দেশনা ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বিগত 30 মে'ত প্ৰকাশ কৰা "আনলক 1.0" ৰ নিৰ্দেশনাৰ ভিত্তিত তেলেংগানা চৰকাৰে প্ৰস্তুত কৰি উলিয়াইছে ৰাজ্যখনৰ "আনলক 1.0" নিৰ্দেশনাৱলী ৷

Places of worships, hotels, malls to re-open in Telangana from June 8
Unlock 1.0 সদৰ্ভত তেলেংগানা চৰকাৰৰ নিৰ্দেশনাৱলীঃ কি কি খোলা থাকিব?

নেশ্যনেল ডেস্ক, 5 জুন : লক ডাউনৰ মাজতে বিভিন্ন ধৰণৰ অনুষ্ঠান-প্ৰতিষ্ঠান পুনৰ মুকলি কৰা সন্দৰ্ভত তেলেংগানা চৰকাৰে জাৰী কৰিছে বিশেষ নিৰ্দেশনা ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বিগত 30 মে'ত প্ৰকাশ কৰা "আনলক 1.0" ৰ নিৰ্দেশনাৰ ভিত্তিত তেলেংগানা চৰকাৰে প্ৰস্তুত কৰি উলিয়াইছে ৰাজ্যখনৰ "আনলক 1.0" নিৰ্দেশনাৱলী ৷ উক্ত নিৰ্দেশনা অনুসৰি, অহা 8 জুনৰ পৰা পুনৰ খোলা হ'ব শ্বপিং ম'ল, হোটেলকে ধৰি ধৰ্মীয় উপাসনাস্থলী সমূহ ৷ ইয়াৰ মাজতো থাকিব কিছু বিশেষ নিৰ্দেশনা ৷

উল্লেখ্য যে, কন্টেইনমেন্ট জ'ন সমূহৰ বাহিৰে সকলো ঠাইতে দোকান-পোহাৰ তথা অন্যান্য সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান খোলাৰ অনুমতি প্ৰদান কৰিছে তেলেংগানা চৰকাৰে ৷ চৰকাৰী নিৰ্দেশনা অনুসৰি, ছবি গৃহ আৰু গেমিং কেন্দ্ৰ সমূহৰ বাহিৰে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ধৰ্মীয় উপাসনাস্থলী 8 জুনৰ পৰা মুকলি কৰিব পাৰিব ৷ কিন্তু ইয়াৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিছে নিৰ্দিষ্ট সময় ৷ লগতে সকলো শিক্ষানুষ্ঠান, মেট্ৰ' ৰেল, শৰীৰ চৰ্চা কেন্দ্ৰ, উদ্যান, বাৰ, আৰু সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক তথা ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই বাহাল থাকিব নিষেধাজ্ঞা ৷ অৰ্থাৎ এই সমূহ স্থান খোলাৰ বাবে তথা অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা নাই তেলেংগানা চৰকাৰে ৷

ইয়াৰ ওপৰিও "আনলক" সন্দৰ্ভত তেলেংগানা চৰকাৰে প্ৰকাশ কৰা নিৰ্দেশনা মতে, ৰাতি 9 বজাৰ পৰা পুৱা 5 বজালৈ পূৰ্বৰ দৰেই বাহাল থাকিব সান্ধ্য আইন ৷ 8:30 বজাৰ পাছত কেৱল ফাৰ্মাচী আৰু হাস্পতাল খোলা ৰখাৰ বাবেহে অনুমতি প্ৰদান কৰিছে চৰকাৰে ৷ আনহাতে, বিবাহ সম্বন্ধীয় অনুষ্ঠানত সৰ্বোচ্চ 50 গৰাকী লোক আৰু মৃতকৰ সৎকাৰৰ বাবে সৰ্বোচ্চ 20 গৰাকী লোকৰ সমাগমৰ বাবে অনুমতি প্ৰদান কৰিছে তেলেংগানা চৰকাৰে ৷ উল্লেখ্য যে, কন্টেইনমেন্ট জন সমূহত 30 জুনলৈকে বাহাল থাকিব লক ডাউন ৷

লগতে পঢ়কঃ মুখ্যমন্ত্ৰী লৈ বোন্দাপৰ : ক্ষোভিত সাংবাদিকে দিলে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি !

ABOUT THE AUTHOR

...view details