অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ কুপাৱাড়াত অব্যাহত আছে সেনাৰ অভিযান - যুদ্ধ-বিৰতি উলংঘন

চাৰিগৰাকী জোৱানসহ নিহত এগৰাকী নাগৰিক

জম্মু-কাশ্মীৰৰ কুপাৱাড়াত সেনাৰ অভিযান

By

Published : Mar 2, 2019, 1:31 PM IST

জম্মু-কাশ্মীৰৰ ভাৰত-পাক সীমান্তত অব্যাহত আছে সংঘৰ্ষ । পাকিস্তানী সেনাৰ দ্বাৰা অব্যাহত আছে যুদ্ধ-বিৰতি উলংঘন কাৰ্য ।শুকুৰবাৰৰ পৰাই জম্মু-কাশ্মীৰৰ কুপাৱাড়া জিলাত একেৰাহে পাক সেনাই চলোৱা অভিযানত চাৰিগৰাকী ভাৰতীয় জোৱানৰ লগতে নিহত হয় এগৰাকী সাধাৰণ নাগৰিক । বৰ্তমানেও জিলাখনত অব্যাহত আছে পাকিস্তানী সেনাৰ গুলীবৰ্ষণ।
ইপিনে সীমাত চলি থকা সংঘৰ্ষৰ প্ৰতি লক্ষ্য ৰাখিয়েই পাকিস্তানৰ কোনো কোনো অঞ্চলত বন্ধ কৰি দিয়া হৈছে বিমান সেৱা ।উল্লেখ্য যে, শুকুৰবাৰে জম্মু-কাশ্মীৰৰ উৰি, পুঞ্চ জিলাৰ সীমান্তৱৰ্তী অঞ্চলটো পাকিস্তানে চলোৱা গুলীচালনাত তিনিজনকৈ সাধাৰণ লোক নিহত হোৱাৰ লগতে আহত হয় এজন ।

ABOUT THE AUTHOR

...view details