নেশ্যনেল ডেস্ক, 8 মে' : কৰ'ণা ভাইৰাছ সৃষ্টি কৰাৰ বাবে চীনৰ বিৰুদ্ধে 600 বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ বিচাৰি আন্তৰাষ্ট্ৰীয় ন্যায় আদালতত এক গোচৰ ৰুজু কৰিবৰ বাবে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এক জনস্বাৰ্থজনিত আবেদন (PIL) দাখিল কৰা হৈছে ৷
বিশ্বৰ দুই লাখতকৈ অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়া COVID-19 ৰ উৎপত্তি চীনৰ য়ুহান চহৰৰ এক গৱেষণাগাৰত হোৱাৰ বহু প্ৰমাণ আছে বুলি আবেদনকাৰী গৰাকীয়ে উল্লেখ কৰে ৷ লগতে তেওঁ কয় যে, 1984 বৰ্ষৰ জৈৱিক অস্ত্ৰ সন্মিলন (Biological Weapon Convention) অনুসৰি চীনে জৈৱিক আৰু মাৰাত্মক অস্ত্ৰ-শস্ত্ৰৰ বিকাশ, উৎপাদন আৰু সংৰক্ষণ বন্ধ কৰিবলৈ সন্মতি প্ৰদান কৰিছিল ৷