অসম

assam

ETV Bharat / bharat

বিদেশত প্ৰবাসী ভাৰতীয়ৰ মৃত্যু জনস্বাৰ্থজনিত আৱেদন দাখিল - প্ৰৱাসী ভাৰতীয় চেল

COVID-19 ৰ উপৰিও অন্য কাৰণত বিদেশত মৃত্যু হোৱা ব্যক্তিসকলৰ মৃতদেহ ঘূৰাই আনিবলৈ উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থজনিত আৱেদন দাখিল কৰে প্ৰৱাসী ভাৰতীয় চেলে ।

উচ্চতম ন্যায়ালয়
প্ৰবাসী ভাৰতীয়ৰ মৃতদেহ ভাৰতলৈ লৈ অহাৰ বাবে জনহিতাৰ্থে আৱেদন দাখিল উচ্চতম ন্যায়ালয়ত

By

Published : Apr 25, 2020, 11:49 PM IST

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ শনিবাৰে প্ৰৱাসী ভাৰতীয় চেলৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থজনিত আৱেদন দাখিল কৰা হয় । বিদেশত থকা ভাৰতীয় নাগৰিকৰ মৃতদেহ দেশলৈ আনিবৰ বাবে এই আৱেদন দাখিল কৰা হয় । COVID-19 তথা অন্য কাৰণত বিদেশত মৃত্যু হোৱা ব্যক্তিসকলৰ মৃতদেহ ঘূৰাই আনিবলৈ অনুৰোধ জনাই আৱেদন দাখিল কৰে প্ৰৱাসী ভাৰতীয় চেলে ।

প্ৰবাসী ভাৰতীয়ৰ মৃতদেহ ভাৰতলৈ লৈ অহাৰ বাবে জনহিতাৰ্থে আৱেদন দাখিল উচ্চতম ন্যায়ালয়ত

আৱেদনখনত উল্লেখ কৰে যে, প্ৰবাসী ভাৰতীয়ৰ নশ্বৰ মৃতদেহ বিদেশৰ পৰা অনাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে নাগৰিকসকলৰ মৌলিক অধিকাৰ খৰ্ব হ'ব । লগতে এই সম্পৰ্কত চৰকাৰৰ জ্ঞানৰ অভাৱ সূচাব বুলি উল্লেখ কৰা হৈছে ৷ মৃতদেহক শেষ মৰ্যাদা নিদিয়াকৈ সমাধিস্থ কৰাৰ ফলত নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব হব বুলি উল্লেখ কৰা হয় জনস্বাৰ্থজনিত আৱেদনখনত ৷

আনহাতে, আৱেদনত উচ্চতম ন্যায়ালয়ৰ "right to decent burial is a facet of Right to life." শুনানিও উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details