অসম

assam

ETV Bharat / bharat

কৰ'ণা চিকিৎসাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন - HCQ-AZM আৰু MCQ-AZM

কৰ'ণাৰ চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰক তাৎক্ষণিক সাল-সলনিৰ দাবী জনাই উচ্চতম ন্য়ায়ালয়ত দাখিল কৰা হৈছে ৰাজহুৱা স্বাৰ্থ জনিত আবেদন। HCQ-AZM আৰু MCQ-AZM ৰ সংমিশ্ৰণ হৃদ ৰোগীৰ বাবে পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সম্ভাৱনা অধিক ।

PIL moves to SC seeking immediate changes in corona treatment to prevent deaths
PIL moves to SC seeking immediate changes in corona treatment to prevent deathsPIL moves to SC seeking immediate changes in corona treatment to prevent deaths

By

Published : Apr 16, 2020, 10:17 AM IST

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃকৰ'ণা ভাইৰাছৰ চিকিৎসাৰ নিৰ্দেশাৱলী তাৎক্ষণিক ভাৱে চৰকাৰক পৰিৱৰ্তন কৰাৰ দাবী জনাই শীঘ্ৰে শুনানি হোৱাকৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন । আবেদনত উল্লেখ কৰা হৈছে কৰ'ণা চিকিৎসাৰ নিৰ্দেশাৱলী মতে যি সকলক HCQ-AZM আৰু MCQ-AZMৰ সংমিশ্ৰণ দিয়া হৈছে তাৰ কিন্তু পাৰ্শ্বপ্ৰতিক্ৰিয়া হোৱাৰ সম্ভাৱনা অধিক । বিশেষকৈ হৃদ ৰোগীসকলৰ বাবে।

চিকিৎসক কুনাল শ্বাহাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে এই আবেদন । আন্তঃৰাষ্ট্ৰীয় অধ্যয়নত পোৱা গৈছে যে,HCQ আৰু AZM সংমিশ্ৰণ লোৱা ৰোগীৰ ৩৮ দিনলৈ বুকু বিষ,হৃদক্ৰিয়া বন্ধ হোৱাৰ সংখ্যা অধিক বৃদ্ধি পাইছে ।

আবেদনত উল্লেখ কৰা হৈছে,গম্ভীৰ ভাৱে অসুস্থ ৰোগীক ভাৰতৰ বিভিন্ন ঠাইৰ আই চি ইউ সমূহত বিবাদময়,নিৰৰ্থক আৰু সাম্ভাৱ্যপূৰ্ণ বিষাক্ত অফ লেবেল ঔষধ MCQ আৰু AZM ব্যৱহাৰৰ অধীন কৰা হৈছে । লগতে কোৱা হৈছে ইণ্টাৰনেশ্যনেল মেডিকেল পাব্লিকেশ্যনৰ হৃদ ৰোগ সম্বন্ধীয় জটিলতা আৰু সাম্ভাৱ্য মৃত্য়ুৰ সংখ্য়া প্ৰতিৰোধ কৰা সতৰ্কতামূলক ব্য়ৱস্থা সমূহৰ প্ৰয়োজনীয়তা অবিহনেই চৰকাৰে এই সমূহ ব্য়ৱহাৰৰ পৰামৰ্শ দিছে । চৰকাৰে ইণ্টাৰনেশ্যনেল মেডিকেল পাব্লিকেশ্যনৰ যুক্তিযুক্ততাক আওকাণ কৰি এক বৃহৎ ভুল কৰিছে বুলিও উল্লেখ কৰিছে শ্বাহাই ।

যাৰ বাবেই শীঘ্ৰেই ইয়াৰ ওপৰত বিচাৰ কৰি মৃত্যুৰ সংখ্যা ৰোধ কৰিবলৈ চৰকাৰক চিকিৎসাৰ নিৰ্দেশাৱলী তাৎক্ষণিক ভাৱে পৰিৱৰ্তন কৰাৰ দাবী জনাই এক আবেদন দাখিল কৰা হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ।

লগতে চাওকঃ হৃদৰোগ আৰু হাইড্ৰ'ক্সিক্ল'ৰ'কুইন

ABOUT THE AUTHOR

...view details