অসম

assam

By

Published : Aug 16, 2020, 8:01 PM IST

ETV Bharat / bharat

সম ভিত্তিত নাগৰিকৰ বিবাহ বিচ্ছেদ বিচাৰি সৰ্বোচ্চ ন্যায়ালয়ত পিআইএল

ভাৰতীয় জনতা দলৰ নেতা তথা অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে দেশৰ উচ্চত্বম ন্যায়ালয়ত এখন জনহিত আবেদনৰ জৰিয়তে কেন্দ্ৰৰ পৰা বিচাৰিলে বিবাহ বিচ্ছেদ আইনখনৰ সংশোধন । জাতি, ধৰ্ম, বৰ্ণ, লিঙ্গ অথবা জন্মস্থানক ভিত্তি কৰি কোনো পক্ষপাতমূলক ভাৱ নাৰাখি বিবাহ বিচ্ছেদৰ আইনখনৰ জৰিয়তে সকলোকে অভিন্ন কৰি তোলাৰ বাবে পিআইএল খনত জনোৱা হৈছে আবেদন ।

PIL in SC seeks uniform grounds of divorce for all citizens
সম ভিত্তিত নাগৰিকৰ বিবাহ বিচ্ছেদ বিচাৰি সৰ্বোচ্চ ন্যায়ালয়ত পিআইএল

নিউজ ডেস্ক, ১৬ আগষ্ট: সংবিধান আৰু আন্তৰাষ্ট্ৰীয় সন্মিলনৰ ভাৱনাৰে সমগ্ৰ দেশৰ নাগৰিক সকলৰ বাবে 'Uniform Ground of Divorce' ৰ দাবীৰে দেশৰ উচ্চত্বম ন্যায়ালয়ত এখন জনহিত আবেদন দাখিল কৰা হৈছে ।

ভাৰতীয় জনতা দলৰ নেতা তথা অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে উচ্চত্বম ন্যায়ালয়ত দাখিল কৰা এই জনহিত আবেদন খনৰ জৰিয়তে কেন্দ্ৰৰ পৰা বিচাৰিলে বিবাহ বিচ্ছেদ আইনখনৰ সংশোধন । জাতি, ধৰ্ম, বৰ্ণ, লিঙ্গ অথবা জন্মস্থানক ভিত্তি কৰি কোনো পক্ষপাতমূলক ভাৱ নাৰাখি বিবাহ বিচ্ছেদৰ আইনখনৰ জৰিয়তে সকলোকে অভিন্ন কৰি তোলাৰ বাবে পিআইএল খনত কৰা হৈছে আবেদন ।

'বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত থকা এই বৈষম্য মূলক বিষয় সমূহ যেনে অনুচ্ছেদ ১৪,১৫, আৰু ২১ক সংশোধন কৰি দেশৰ সকলো নাগৰিকৰ কাৰণে 'Uniform Ground of Divorce' ৰ ওপৰত ন্যায়ালয়ে নিদ্দেশনা দিয়াৰ সম্ভাৱনা আছে ।' এইদৰে জনালে আবেদনকাৰী অশ্বিনী কুমাৰ উপাধ্যায়ে ।

হিন্দু বৈবাহিক আইন, ১৯৯৫ অনুসৰি হিন্দু, বৌদ্ধ, জৈন আৰু শিখ সকলে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে । ইফালে মুছলমান, খ্ৰিষ্টিয়ান আৰু পাৰ্চী সকলৰ আছে বিবাহ বিচ্ছেদৰ নিজা আইন । আনহাতে বেলেগ বেলেগ ধৰ্মৰ পৰা বিবাহপাশত অৱদ্ধ হোৱা দম্পতীয়ে বিশেষ বিবাহ আইন, ১৯৫৬ অনুসৰি বিবাহ বিচ্ছেদ কৰিব পাৰে ।

যদিহে বিবাহিত দম্পতিৰ কোনোব এজন বিদেশী হয় তেনেহ'লে বিদেশী বিবাহ আইন, ১৯৬৯ অনুসৰি বিচ্ছেদ ল'ব লাগিব । এই আটাইবোৰতে বিবাহ বিচ্ছেদৰ ভিত্তি লিংগ নিৰপেক্ষ অথবা ধৰ্ম নিৰপেক্ষ হোৱা পৰিলক্ষিত নহয় । আবেদনত এনেদৰে উল্লেখ কৰা হৈছে ।

ABOUT THE AUTHOR

...view details