অসম

assam

ETV Bharat / bharat

প্ৰৱল ইচ্ছাশক্তিৰে অসাধ্য সাধন কৰা এজন ব্যক্তি - পিপলপাহাৰ গাঁও

তেলেংগানাৰ এজন অদম্য় ইচ্ছাশক্তিৰ অধিকাৰী ব্যক্তিৰ জীৱন কাহিনী,তেওঁ মাউন্ট এভাৰেষ্ট, মাউন্ট কিলিমাঞ্জাৰো আৰু মাউন্ট এলব্ৰাছ পাৰ হ'বলৈও সক্ষম হৈছে ৷

অদম্য় ইচ্ছাশক্তিৰ অধিকাৰী
তেলেংগানাৰ চিদুগুল্লা শেখৰ গাউড

By

Published : Feb 12, 2020, 11:27 PM IST

নেশ্যনেল ডেস্ক, 12 ফেব্ৰুৱাৰী : তেলেংগানাৰ ইয়াদাড্ৰি জিলাৰ পিপলপাহাৰ গাঁৱৰ এজন ব্যক্তি, নাম তেওঁৰ চিদুগুল্লা শেখৰ গাউড ৷ অন্য বহু লোকৰ দৰে তেওঁ এজন শাৰীৰিকভাৱে সক্ষম ব্যক্তি হ'লেও এজন আত্মবিশ্বাসী আৰু দৃঢ় সংকল্পবদ্ধ লোক ৷ আনকি পৰ্বত-পাহাৰেও নমন কৰে তেওঁৰ অদম্য শক্তিক ৷ শাৰিৰীকভাৱে সম্পূৰ্ণ সুস্থ এজন ব্যক্তিয়ে বিভিন্ন ক্ৰীড়াক্ষেত্ৰত অংশগ্ৰহণ কৰিবলৈ চিন্তা কৰাৰ সময়তে অদম্য ইচ্ছাশক্তিৰ অধিকাৰী শেখৰে ক্ৰীড়াক্ষেত্ৰত অৰ্জন কৰিবলৈ সক্ষম হৈছে সফলতা৷ তেওঁ বৰ্তমানলৈকে অংশগ্ৰহণ কৰিছে 66 টা দৌৰ প্ৰতিযোগিতা আৰু 14 টা মাৰাথন ইভেন্টত ৷ কন্যাকুমাৰীৰ পৰা খাৰদুংলা লৈ 4,100 কি.মি. দৈৰ্ঘৰ চাইক্লিং প্ৰতিযোগিতাতো তেওঁ অংশগ্ৰহণ কৰিছে ৷ তেওঁ মাউন্ট এভাৰেষ্ট, মাউন্ট কিলিমাঞ্জাৰো আৰু মাউন্ট এলব্ৰাছ পাৰ হ'বলৈও সক্ষম হৈছে ৷

তেলেংগানাৰ চিদুগুল্লা শেখৰ গাউডৰ কাহিনী

কিন্তু প্ৰতিবন্ধকতা নেওচি কিদৰে তেওঁ এই সফলতা আজুৰি আনিবলৈ সক্ষম হৈছিল সেয়াও এক প্ৰেৰণাদায়ক কাহিনী ৷ স্কুলীয়া শিক্ষা সাং কৰি নালগোন্দা কলেজত নামভৰ্তি কৰাৰ পাচতে এক দুৰ্ঘটনা সংঘটিত পতিত হৈ এডাল বৈদুত্যিক তাঁৰত লাগি ধৰিছিল চিদুগুল্লা ৷ ইয়াৰ পাচত কি হ'ল তেওঁৰ মনত নাই ৷ ঘটনা সংঘটিত হোৱা পাচদিনা নালগোন্দা চৰকাৰী চিকিৎসালয়ৰ শৱগৃহত বহুসংখ্যক মৃতদেহৰ মাজত নিজক উদ্ধাৰ কৰে তেওঁ ৷ সমগ্ৰ শৰীৰ আঘাতপ্ৰাপ্ত হোৱাৰ লগতে তেজেৰে তেওঁৰ দেহ তুমুৰলি হৈ পৰিছিল ৷ শৱগৃহৰ পৰা উলাই অহাৰ লগে লগে তেওঁক দেখি সকলোৱে আতংকত পলাবলৈ বাধ্য হৈছিল ৷ অৱশেষত এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক চিকিৎসা কৰা হয় ৷ বৈদুত্যিক চক লগাৰ ফলত চিকিৎসকে তেওঁৰ সোঁহাত আৰু বাওঁ ভৰি দেহৰ পৰা বিচ্ছিন্ন কৰি পেলাইছিল ৷ 15 টাকৈ অস্ত্ৰোপচাৰৰো সন্মুখীন হৈছিল তেওঁ ৷ শেখৰৰ পিতৃয়ে খেতিপথাৰ বিক্ৰী কৰি তেওঁৰ চিকিৎসাৰ বাবে 18 লাখ টকা খৰছ কৰে ৷ এই অস্ত্ৰোপচাৰৰ পাচতে শেখৰে 6 মাহৰ বাবে বিচনাতে দিন কটাবলগা হয় ৷

সমগ্ৰ ঘটনাৰ পাচতে হতাশ হৈ পৰা চিদুগুল্লাই বহুবাৰ আত্মহত্যাৰো চেষ্টা চলায় ৷ কিন্তু নতুনকৈ এখন মোবাইলৰ দোকান খুলি পূৰ্নোদ্যমেৰে ব্যৱসায়ত নামি পৰে তেওঁ যদিও কোনো কাৰণবশতঃ দোকানখনো হেৰুৱাব লগা হয় ৷ নিজৰ আৰ্জিত সকলো ধন ইয়াৰ ফলত হেৰুৱাই চিদুগুল্লাই ৷ কিন্তু হায়দৰাবাদৰ গাচিবাওলি ষ্টেডিয়ামত অনুষ্ঠিত এক মাৰাথনত যোগদান কৰিবলৈ ফোন যোগেৰে তথ্য লাভ কৰাৰ পাচতে তেওঁৰ জীৱনৰ দৃশ্যপট সলনি হৈ পৰে ৷ ষ্টেডিয়ামত তেওঁৰ দৰে বহু লোকক প্ৰত্যক্ষ কৰি তেওঁ হতচকিত হৈ পৰিছিল ৷ তেওঁৰ উৎসাহ দেখি ডক্সিন স্বাস্থ্য পৰীক্ষা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক মোহানা গান্ধীয়ে এখন কৃত্ৰিম ভৰি প্ৰস্তুত কৰি তেওঁক উপহাৰ হিচাপে প্ৰদান কৰিছিল ৷ এই কৃত্ৰিম ভৰিৰে বৰ্তমানলৈকে তেওঁ 14 টাকৈ মাৰাথন সম্পূৰ্ণ কৰিছে ৷ ইয়াৰোপৰি,ট্ৰেকিং,বেডমিন্টন আৰু সাঁতোৰতো তেওঁ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ অদম্য সাহসী আৰু ধৈৰ্যশীল এইগৰাকী খেলুৱৈয়ে হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়তো সেৱা আগবঢ়াই আহিছে ৷

আৰু পঢ়ক : টি-20 বিশ্বকাপৰ পাচতে ক্ৰিকেট কেৰিয়াৰ সম্পৰ্কত সিদ্ধান্ত ল'ব ডেল ষ্টেইনে

ABOUT THE AUTHOR

...view details