নেশ্যনেল ডেক্স, 28 আগষ্টঃ1 চেপ্তেম্বৰৰ পৰা বিদেশত থকা ভাৰতীয় নাগৰিকসকলক ওভটাই অনাৰ বাবে ‘বন্দে ভাৰত অভিযান’ৰ ষষ্ঠ পৰ্যায় আৰম্ভ হ’ব ৷ এই কথা জানিবলৈ দিয়ে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীৱাস্তবে ৷ আনহাতে, এই আঁচনিখনৰ পঞ্চম পৰ্যায় 31 আগষ্টত অন্ত পৰিব ৷
তেখেতে আৰু কয় যে, বন্দে ভাৰত অভিযানৰ পঞ্চম পৰ্যায়ৰ সময়ছোৱাত 22 খন দেশৰ পৰা প্ৰায় 900 খন আন্তঃৰাষ্ট্ৰীয় বিমান ভাৰতৰ 23 টা বিমানবন্দৰত অৱতৰণ কৰে ৷ 26 আগষ্টলৈকে বিভিন্ন দেশত আবদ্ধ মুঠ 12 লাখ ভাৰতীয় লোকক দেশলৈ প্ৰত্যাৱৰ্তন কৰা হয় ৷