অসম

assam

ETV Bharat / bharat

বে' অৱ বেংগলত আৰম্ভ নৌ-সেনাৰ সৰ্ববৃহৎ মালাবাৰ অনুশীলন

মালাবাৰ সাগৰীয় অনুশীলনৰ প্ৰথমলানি কুৱাড (QUAD) অভিযান যোৱাকালিৰ পৰাই আৰম্ভ হৈছে ৷ প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, জাপান আৰু ভাৰতে অংশগ্ৰহণ কৰিছে এই অনুশীলনত ৷

সৰ্ববৃহৎ মালাবাৰ অনুশীলন
বে' অৱ বেংগলত আৰম্ভ নৌ-সেনাৰ সৰ্ববৃহৎ মালাবাৰ অনুশীলন

By

Published : Nov 4, 2020, 1:45 PM IST

নিউজ ডেস্ক, 4 নৱেম্বৰ :ভাৰত মহাসাগৰত প্ৰথমবাৰৰ বাবে একত্ৰিত হৈ মহাশক্তিৰ পৰিচয় দাঙি ধৰিলে ভাৰত, অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাই ৷ চাৰিওখন দেশৰ মাজৰ বহু প্ৰত্যাশিত মালাবাৰ সাগৰীয় অনুশীলন যোৱাকালিৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে ৷ অষ্ট্ৰেলিয়ান ৰয়েল নেভী, ইউএছ নেভী, জাপান ছেল্ফ ডিফেন্স নাভেল ফৰ্চ আৰু ইণ্ডিয়ান নেভীৰ মাজত দক্ষিণ চীন সাগৰত চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ চাৰিওখন দেশৰ নৌ-সেনা অংশগ্ৰহণ কৰিছে মালাবাৰৰ প্ৰথমলানি অনুশীলনত ৷ প্ৰথমলানি অনুশীলনতে চাৰিওটা নৌ-সেনাই নিজৰ শক্তি প্ৰদৰ্শণ কৰি চীনক একপ্ৰকাৰে সাৱধানবাণী প্ৰদান কৰিছে ৷

দক্ষিণ চীন সাগৰত চীনে আগ্ৰাসী মনোভাৱেৰে আৰু সামৰিক শক্তিৰ অপপ্ৰয়োগ কৰি আহিছে ৷ এনে অৱস্থাত চীনৰ সামৰিক গতি-বিধিক নিয়ন্ত্ৰণত ৰখাটো অতিকে জৰুৰী হৈ পৰিছে ৷ কোভিড-19 মহামাৰীৰ পিচতেই চীনক লৈ বহুটো দেশেই বিভিন্ন প্ৰতিবন্ধকতা জাৰী কৰিছিল ৷ এনে অৱস্থাত আমেৰিকা, ভাৰত আৰু জাপানে দক্ষিণ চীন সাগৰত চীনক ৰোধিবলৈ এই অনুশীলনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে অষ্ট্ৰেলিয়াৰ অন্তৰ্ভূক্তিয়ে ইয়াক অধিক শক্তিশালী কৰি তুলিছে ৷

বিগত মাহত এই অনুশীলনত ৰয়েল অষ্ট্ৰেলিয়ান নেভীয়ে অংশগ্ৰহণ কৰিব বুলি ভাৰত চৰকাৰে প্ৰকাশ কৰিছিল ৷ ভাৰতস্থিত আমেৰিকান দূতাবাসেও এই বাতৰিৰ সত্যতা স্পষ্ট কৰাৰ লগতে ইণ্ডো-পেছিফিকৰ মুকলি ব্যৱসায়িক যাত্ৰাপথ আৰু সুৰক্ষাৰ বাবে সদায় কাম কৰি যাব বুলি টুইট কৰি জনাইছিল ৷

কোভিড-19ৰ প্ৰতি লক্ষ্য ৰাখি মালাবাৰ অনুশীলনৰ প্ৰথমলানি অভিযান 3 নৱেম্বৰৰ পৰা 6 নৱেম্বৰলৈ অনুষ্ঠিত হ'ব ৷ আনহাতে ইয়াৰ দ্বিতীয়লানি অভিযান 17 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈ আৰৱ সাগৰত অনুষ্ঠিত হ'ব ৷ চাৰিওখন দেশৰ মাজৰ এই অনুশীলনক লৈ মঙলবাৰে চীনে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ৷ চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে এই অনুশীলনৰ দ্বাৰা সাগৰীয় অঞ্চলটোৰ শান্তি আৰু স্থিতাৱস্থা অটুত থাকিব বুলি বেইজিঙত এক সংবাদমেলত প্ৰকাশ কৰিছিল ৷

টকিঅ' অনুষ্ঠিত হোৱা কুৱাড (QUAD) আলোচনাৰ পিচতেই ভাৰতে এই অনুশীলনত অংশগ্ৰহণৰ বাবে অষ্ট্ৰেলিয়াক আমন্ত্ৰণ জনাইছিল আৰু বাকীকেইখন দেশে ইয়াত সন্মতি প্ৰদানৰ লগতে অষ্ট্ৰেলিয়াই অনুশীলনত অংশগ্ৰহণ কৰাৰ বিষয়ে আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰিছিল ৷

মালাবাৰ সাগৰীয় অনুশীলনৰ প্ৰথমলানি অভিযানত ছাবমেৰিণ প্ৰতিৰোধী, বিমান প্ৰতিৰোধী, জাহাজত বিমান আৰু হেলিকপ্টাৰ অৱতৰণ, নৌ-সৈনিক চৰিত্ৰ আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰৰ চালনাৰ ওপৰত চাৰিতৰপীয়া অনুশীলন অনুষ্ঠিত হ'ব ৷ ভাৰতীয় নৌ-সেনাৰ যুদ্ধজাহাজ ৰনবিজয় (destroyer), শিৱালিক (frigate), সুকন্যা (off-shore patrol vessel), শক্তি (fleet support ship) আৰু সিন্ধুৰাজ (submarine)এ অংশগ্ৰহণ কৰিছে ৷ ইয়াৰ উপৰিও প্ৰশিক্ষণকাৰী জেট হ্ক (Hawk), P-8I (long-range maritime patrol aircraft) ডৰ্ণিয়াৰ বিমান আৰু হেলিকপ্টাৰেও অংশগ্ৰহণ কৰিছে ৷ আমেৰিকাৰ যুদ্ধজাহাজ USS John S McCain (guided-missile destroyer), অষ্ট্ৰেলিয়াৰ HMAS Ballarat (long-range frigate) আৰু MH-60 হেলিকপ্টাৰ তথা জাপানৰ যুদ্ধজাহাজ JS Onami (destroyer) এ এই অনুশীলনত অংশগ্ৰহণ কৰিছে ৷

1992 চনত ভাৰতীয় নৌ-সেনা আৰু আমেৰিকান নৌ-সেনাৰ যুটীয়া সাগৰীয় অনুশীলন হিচাপে মালাবাৰ সাগৰীয় অনুশীলন ভাৰত মহাসাগৰত অনুষ্ঠিত হৈছিল ৷ 2015ত এই অনুশীলনত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল জাপান নৌ-সেনাই ৷ আনহাতে কোভিড-19ৰ ভয়াৱহতাৰ মাজতেই অষ্ট্ৰেলিয়ান ৰয়েল নৌ-সেনাৰ যোগদানে চলিত বৰ্ষত এই অভিযানে পূৰ্ণতা লাভ কৰে ৷ 2018ত ফিলিপাইন সাগৰৰ গুৱাম উপকূলত আৰু 2019ত জাপান উপকূলত এই অনুশীলন অনুষ্ঠিত হৈছিল ৷

লগতে পঢ়ক :মালাবাৰ অনুশীলনত অষ্ট্ৰেলিয়াৰ অংশগ্ৰহণত সন্মতি ভাৰতীয় নৌ-সেনাৰ

ABOUT THE AUTHOR

...view details