গুৱাহাটী, 28 জুন : আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিচটো কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'লিয়ামজাত পণ্যৰ ওপৰত অধিক আৱকাৰী শুল্ক আৰোপ কৰিছিল ৷ বিগত মে' মাহত কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তভাৱে আৰোপ কৰা আৱকাৰী মূল্যৰ পিচতে পেট্ৰ'লত 10 টকা আৰু ডিজেলত 13 টকা আৱকাৰী শুল্ক বৃদ্ধি কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা অতিৰিক্ত আৱকাৰী শুল্কৰ ফলত দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছিল পেট্ৰ'ল-ডিজেলৰ মূল্য ৷ লকডাউনৰ মাজতো এইদৰে গুৱাহাটীকে ধৰি দেশৰ প্ৰায়ভাগ মহানগৰীতে চৰকাৰে আৰোপ কৰা আৱকাৰী শুল্কৰ ফলত প্ৰায় 80 টকালৈকে বৃদ্ধি পাইছিল প্ৰতিলিটাৰ পেট্ৰ'ল-ডিজেলৰ মূল্য ৷
লগতে পঢ়কঃপেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া
পেট্ৰ'ল-ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধিক লৈ দেওবাৰে মহানগৰীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিৰ উদ্যোগত এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাৰেংগীত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ প্ৰতিবাদকাৰীসকলে পেট্ৰ'লজাতীয় পণ্য সামগ্ৰীৰ মূল্যবৃদ্ধি চৰকাৰক অতিশীঘ্ৰে নিয়ন্ত্ৰণ কৰিবলৈ দাবী উত্থাপন কৰে ৷