অসম

assam

ETV Bharat / bharat

দিল্লীত ৮০ টকা অতিক্ৰম কৰিলে পেট্ৰ'ল-ডিজেলৰ মূল্য়ই - Delhi

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য বৃদ্ধি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পেট্ৰ'লৰ আৰু ডিজেলত উৎপাদন শুল্ক বৃদ্ধি কৰা আৰু তেল বিপনন কোম্পানীয়ে মূল্য বৃদ্ধিৰ বোজা গ্ৰাহকলৈ থেলি দিয়াৰ বাবেই দেশত আকাশলংঘী হৈছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য় । সম্প্ৰতি ৰাজধানী দিল্লীত পেট্ৰ'লৰ তুলনাত অধিক হৈছে ডিজেলৰ মূল্য ।

পেট্ৰ'ল আৰু ডিজেলৰ মূল্য়
Petrol price crosses Rs 80-mark in Delhi for first time since 2018, diesel at new high

By

Published : Jun 26, 2020, 1:47 PM IST

নিউজ ডেস্ক, ২৬ জুনঃ চলিত বৰ্ষৰ জুন মাহৰ আৰম্ভণিৰ পৰাই দেশত ২০ দিনৰ বাবে ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য়। শুকুৰবাৰে ৰাজধানী দিল্লীত ৮০ টকা অতিক্ৰম কৰিছে পেট্ৰ'লৰ মূল্যই। তেল বিপণন কোম্পানীসমূহে প্ৰতিলিটাৰ পেট্ৰ'লত ২১ পইচা আৰু ডিজেলৰ মূল্য় ১৭ পইচাকৈ বৃদ্ধি কৰিছে।

দিল্লীত ৮০ টকা অতিক্ৰম কৰিলে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য়ই

সম্প্ৰতি ৰাজধানী চহৰখনত এই মূল্য বৃদ্ধি হৈ প্ৰতিলিটাৰ পেট্ৰ'লত ৮০.১৩ টকা হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত ৮০.১৯ টকা হৈছে। উল্লেখ্য যে, বৃহস্পতিবাৰৰ দিনটোত পেট্ৰ'লত ৭৯.৯২ টকা আৰু ডিজেলত ৮০.০২ টকা আছিল। ৰাজধানী দিল্লীত বুধবাৰে প্ৰথমবাৰৰ বাবে পেট্ৰ'লৰ তুলনাত ডিজেলৰ মূল্য অধিক হৈছিল।

একেদৰে, মুম্বাইত শুকুৰবাৰৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰ'লত ৮৬.৯১ টকা হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত ৭৮.৫১ টকা হৈছে। তেল বিপণন কোম্পানীসমূহে ৭ জুনৰ পৰা প্ৰতিদিনে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ ফলত পেট্ৰ'লত মুঠ ৮.৮৭ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য মুঠ ১০.৮ টকা বৃদ্ধি হৈছে ।

কোভিড-১৯ সংকটৰ বাবে এপ্ৰিল মাহত খাৰুৱা তেলৰ চাহিদা কম হোৱাৰ বাবে ব্যাপক হাৰত হ্ৰাস পাইছিল ইয়াৰ মূল্য। কিন্তু সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য পুনৰ উৰ্ধগামী হোৱাত দেশতো এই মূল্যৰ প্ৰভাৱ পৰিছে।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিগত দুটা মাহত পেট্ৰ'লৰ আৰু ডিজেলৰ কৰ বৃদ্ধি কৰিছিল । চৰকাৰে ১৪ মাৰ্চত প্ৰতি লিটাৰ পেট্ৰ'লৰ আৰু ডিজেলত ৩ টকাকৈ বৃদ্ধি কৰিছিল উৎপাদন শুল্ক । তাৰ পাছত ৫ মে'ত পুনৰ চৰকাৰে প্ৰতি লিটাৰ পেট্ৰ'লত ১০ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ১৩ টকাকৈ বৃদ্ধি কৰিছিল। ৰাজ্য চৰকাৰে মূল্য বৰ্ধিত কৰ অথবা ভেট বৃদ্ধি কৰা কাৰণে ইন্ধনৰ খুচুৰা মূল্যবৃদ্ধি হোৱা দেখা গৈছে। ইয়াৰোপৰি তেল বিপনন কোম্পানীসমূহেয়ে মূল্য বৃদ্ধিৰ বোজা গ্ৰাহকলৈ থেলি দিয়াৰ বাবেও দেশত আকাশলংঘী হৈছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য় ।

লগতে পঢ়ক : কোভিড-১৯ : মহাৰাষ্ট্ৰৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details