নিউজ ডেস্ক, ১২ জুনঃ দিনক দিনে বৃদ্ধি পোৱা পেট্ৰ'ল-ডিজেলৰ মূল্যই সমস্যাৰ সৃষ্টি কৰিছে সাধাৰণ জনতাৰ । শুকুৰবাৰে পুনৰ ষষ্ঠ দিনৰ বাবে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য । শুকুৰবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ৫৭ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পাইছে ৫৯ পইচা ।
আনহাতে, দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লত ৭৪ টকাৰ পৰা বৃদ্ধি হৈ ৭৪.৫৭ টকা হয়গৈ । তাৰোপৰি ৰাজ্যৰ তেল বিপনী সংস্থাৰ বিজ্ঞাপন অনুসৰি প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭২.২১ টকাৰ পৰা ৭২.৮১ টকা হৈছেগৈ ৷