অসম

assam

By

Published : Jan 25, 2020, 3:27 PM IST

ETV Bharat / bharat

শনিবাৰে হ্ৰাস পালে পেট্ৰ'ল, ডিজেলৰ মূল্য

কোৰোনাভাইৰাছৰ বাবে শনিবাৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত প্ৰভাৱ পৰা দেখা গ'ল ৷ পেট্ৰ'লত 27 পইছা আৰু ডিজেলত 30 পইছা হ্ৰাস পালে ৷

কোৰোনাভাইৰাছৰ প্ৰভাৱ
পেট্ৰ'ল, ডিজেলৰ মূল্য হ্ৰাস

নেশ্যনেল ডেস্ক, 25 জানুৱাৰী : শনিবাৰে উল্লেখনীয়ভাৱে হ্ৰাস পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ৷ চীনত কোৰোনাভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলতে আন্ত:ৰাষ্ট্ৰীয় খনিজ তেলৰ মূল্য বহু পৰিমাণে হ্ৰাস পায় ৷

দেশৰ বৃহৎ মহানগৰ কেইখনত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত 27 পইছা হ্ৰাস পোৱাৰ বিপৰীতে ডিজেলত হ্ৰাস পালে 30 পইছা ৷ দিল্লীত প্ৰতি লিটাৰত পেট্ৰ'লৰ মূল্য 74.16 টকা হোৱাৰ পৰিৱৰ্তে মুম্বাইত 79.76 টকা, কলিকতাত 76.77 টকা আৰু চেন্নাইত 77.03 টকা হয় ৷

একেধৰণে, দিল্লীত প্ৰতি লিটাৰত ডিজেলৰ মূল্য 67.31 টকা হোৱাৰ পৰিৱৰ্তে মুম্বাইত 70.56 টকা, কলিকতাত 69.67 টকা আৰু চেন্নাইত 71.11 টকা হয় ৷ উল্লেখ্য যে, ব্ৰেন্ট খনিজতেলৰ মূল্য শনিবাৰৰ পুৱা প্ৰতিটো বেৰেলত $60.56 হয় ৷ কোৰোনাভাইৰাছৰ আতংক আৰম্ভ নোহোৱাৰ পূৰ্বে প্ৰতিটো বেৰেলৰ মূল্য আছিল $62.07 ৷

পেট্ৰ'ল, ডিজেলৰ মূল্য

আন্ত:ৰাষ্ট্ৰীয় খনিজ তেলৰ মূল্য আৰু টকা-ডলাৰৰ বিনিময় মূল্যৰ ওপৰত নিৰ্ভৰ কৰি পেট্ৰ'ল তথা ডিজেলৰ খুচুৰা মূল্য নিৰ্ধাৰণ কৰা হয় ৷ আনহাতে, ভাৰতে প্ৰয়োজনীয় খনিজ তেলৰ 80 শতাংশ আমদানী কৰে ৷ উল্লেখ্য যে, প্ৰতিদিনে তেল ব্যৱসায়ী প্ৰতিষ্ঠানসমূহে ঘৰুৱা পেট্ৰ'ল আৰু ডিজেলৰ মূল্যৰ পৰ্যালোচনা কৰে ৷ আনহাতে, পুৱা 6 বজাৰ পৰা তেল বিক্ৰী কৰা ষ্টেশ্বনসমূহত নতুনকৈ সংশোধন কৰা মূল্য কাৰ্যকৰী কৰা হয় ৷

আৰু পঢ়ক : মাদিকেৰীত অসমীয়া শ্ৰমিকে দিব লাগিব নিৰ্দোষিতাৰ প্ৰমাণ

ABOUT THE AUTHOR

...view details