নিউজ ডেস্ক, ৩০ জুন :তেলৰ বিপনন সংস্থা চমুকৈ OMC য়ে মংগলবাৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰিছে । বিগত ২৪ দিনত এই মূল্য বৃদ্ধি অভাৱনীয় হাৰত বৃদ্ধি হৈছে । দেশৰ ৰাজধানীত মংগলবাৰে পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৮০.৪৩ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮০.৫৩ টকা হোৱা পৰিলক্ষিত হয় । লগতে OMC য়ে পুনৰ ইয়াৰ মূল্য পেট্ৰ'লত ৫ পইচা আৰু ডিজেলত ১৪ পইচা বৃদ্ধি কৰিছে ।
পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা
তেলৰ বিপনন সংস্থা চমুকৈ OMC য়ে মংগলবাৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰিছে । বিগত ২৪ দিনত এই মূল্য বৃদ্ধি অভাৱনীয় হাৰত বৃদ্ধি হৈছে । দেশৰ ৰাজধানীত মংগলবাৰে পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৮০.৪৩ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮০.৫৩ টকা হোৱা পৰিলক্ষিত হয় ।
সাৰ্বজনীন ক্ষেত্ৰৰ তেল উৎপাদনকাৰী সংস্থাৰ সূত্ৰই জনোৱা অনুসৰি, আগন্তুক কেইটিমান দিনৰ ভিতৰত পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস পাব পাৰে । লগতে, ১৪ মাৰ্চৰ পৰা ৬ জুনলৈ পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি হৈছে কিয়নো চৰকাৰে কৰ বৃদ্ধি কৰি দিছে । ৭ জুনৰ পৰা ৰাজধানীত পেট্ৰ'লত ৯.১৭ টকা আৰু ডিজেল প্ৰতি লিটাৰত ১১.১৪ টকা বৃদ্ধি হৈছিল । লগতে বিগত সাত দিনত প্ৰতি লিটাৰত ৬০ পইচাকৈ বৃদ্ধি হৈ আহিছে ।
আনহাতে, দিল্লীত পেট্ৰ'লৰ পৰিৱৰ্তে ডিজেলৰ মূল্য অধিক । সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰ'লৰ অস্থিৰতাৰ বাবে এই মূল্য বৃদ্ধি হৈছে । দিল্লীৰ লগতে অন্য চহৰ সমূহতো পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধি পাইছে ।