অসম

assam

By

Published : Feb 2, 2019, 7:15 PM IST

ETV Bharat / bharat

সংবিধান প্ৰযোজ্য নে অন্তৱৰ্তীকালীন বাজেট !

অন্তৱৰ্তীকালীন বাজেটৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আৰ্জী অধিবক্তা মনোহৰ লাল শৰ্মাৰ

সংবিধান প্ৰযোজ্য নে অন্তৱৰ্তীকালীন বাজেট

নিউজ ডেস্ক, ২ ফেব্ৰুৱাৰী: ১ ফেব্ৰুৱাৰীত সদনত উত্থাপিত হয় মোদী চৰকাৰৰ অন্তৱৰ্তীকালীন তথা অন্তিমখন বাজেট । "নিউ ইণ্ডিয়াৰ" শ্ল'গানৰে সদনত ভাৰপ্ৰাপ্ত বিত্তমন্ত্ৰী পিয়ুষ গোৱেলে দাখিল কৰে বাজেটখন । কিন্তু বাজেটখন উত্থাপনৰ কিছু মূহৰ্তৰ পাচতেই অধিবক্তা মনোহৰ লাল শৰ্মাই বাজেটখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এখন আৰ্জী দাখিল কৰে ।

অধিবক্তাগৰাকীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৰ্জী অনুসৰি, সংবিধানত অন্তৱৰ্তীকালীন বাজেট সন্দৰ্ভত কোনো উল্লেখ কৰা হোৱা নাই । কেৱল যিকোনো এক বিত্তীয় বৰ্ষৰ বাবেহে চৰকাৰে দাখিল কৰিব পাৰিব পূৰ্ণাংগ বাজেট । নিৰ্বাচনী সন্মুখত থাকিলে চৰকাৰে কেৱল বিত্তীয় লেনদেনতহে অনুমোদন জনাব পাৰে । নিৰ্বাচনৰ পাচত ন-গঠিত চৰকাৰে দাখিল কৰিব লাগিব পূৰ্ণাংগ বাজেট ।

উল্লেখ্য যে, বিগত বৰ্ষটোৰ ডিচেম্বৰ মাহত ৰিজাৰ্ভ বেংকৰ অতিৰিক্ত পুঁজি ব্যৱহাৰৰ অভিযোগত বিত্তমন্ত্ৰী অৰুণ জেটলীৰ বিৰুদ্ধে আৰ্জী দাখিলৰ বাবে অধিবক্তা শৰ্মাৰ বিৰুদ্ধে ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছিল উচ্চতম ন্যায়ালয়ে ।

ABOUT THE AUTHOR

...view details